
যোৱানিশা অসম-নাগালেণ্ড সীমান্তৱৰ্তী খটখটী চানডে বজাৰত আৰক্ষীয়ে এক ড্ৰাগছবিৰোধী (Drugs) অভিযান চলাই বুজন পৰিমাণৰ হেৰʼইনসহ এটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

প্ৰাপ্ত তথ্য অনুসৰি, খটখটী থানাৰ অন্তৰ্গত চানডে বজাৰত অবৈধ ড্ৰাগছৰ ব্যৱসায়ৰ নিশ্চিত তথ্য আৰক্ষীয়ে এক বিশেষ সূত্ৰে লাভ কৰে। উক্ত তথ্যৰ ভিত্তিত খটখটী থানাৰ উপ-পৰিদৰ্শক ৰমেন বৰদলৈ আৰু চিআৰপিএফৰ ২০ নং বেটেলিয়নৰ সহকাৰী কমাণ্ডেন্ট ৰবি গীলৰ নেতৃত্বত আৰক্ষী আৰু চিআৰপিএফৰ এক যুটীয়া বাহিনীয়ে লাহৰীজান চানডে বজাৰত তালাচী অভিযান চলায়।
উক্ত অভিযানত আৰক্ষীয়ে মণিপুৰৰ লাথাৰা (৪৩) নামৰ লোকজনৰ ঘৰৰ শোৱনি কোঠাত তালাচী চলাই ২৫ টা চাবোনৰ বাকচত লুকুৱাই ৰখা অৱস্থাত ২৯৪.৯২ গ্ৰাম হেৰʼইন জব্দ কৰিবলৈ সক্ষম হয়। এই সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ পঞ্জীয়ন কৰি অনুসন্ধান অব্যাহত ৰাখিছে। জব্দ হোৱা হেৰʼইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰমূল্য কমেও প্ৰায় ৫৮ লাখ টকা।













