
২০১৯ চনত বিধেয়কখন গৃহীত হোৱাৰ পিছত ক’ৰোনাৰ বাবে কাৰ্যকৰী হোৱা নাছিল। কিন্তু এইবাৰ সংশোধিত নাগৰিকত্ব আইন কাৰ্যকৰী হোৱাৰ পিছত আৰু প্ৰত্যাহাৰ কৰা নহ’ব। কোনো ৰাজ্যই এই আইনখনক বাধা দিব নোৱাৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে (Amit Shah) বৃহস্পতিবাৰে স্পষ্ট কৰি দিয়ে।

উল্লেখযোগ্য যে সোমবাৰে কাৰ্যকৰী হোৱাৰ পিছৰে পৰা ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। বংগ, কেৰালা, তামিলনাডুৱে কয় যে ৰাজ্যকেইখনত CAA কোনো কাৰণতে মানি লোৱা নহ’ব। এই সন্দৰ্ভত অমিত শ্বাহে কয়, “পশ্চিমবংগ, কেৰালা, তামিলনাডুৱে কোনো ধৰণে CAA ৰোধ কৰিব নোৱাৰিব। ইয়াৰ ওপৰত ৰাজ্যৰ কোনো অধিকাৰ নাই। সকলো কেন্দ্ৰৰ ওপৰত নিৰ্ভৰ কৰে।”
ইফালে CAA কাৰ্যকৰী হোৱাৰ পিছত মমতাই কয় যে NRC জড়িত আছে CAA-ৰ সৈতে। কিন্তু এই সন্দৰ্ভত অমিত শ্বাহে কয়, “CAA-ৰ লগত এনআৰচিৰ কোনো সম্পৰ্ক নাই।
অনুপ্ৰৱেশকাৰী আৰু শৰণাৰ্থীৰ পাৰ্থক্য মমতা বেনাৰ্জীয়ে বুজি নাপায়। হাতযোৰ কৰি কৈছোঁ CAA লৈ ৰাজনীতি নকৰিব। বংগত অবিৰত অনুপ্ৰৱেশ চলি আছে।” ইয়াৰ উপৰি তেওঁ দাবী কৰে, “CAA কাৰো নাগৰিকত্ব কাঢ়ি লোৱা আইন নহয়। বাংলাদেশ, আফগানিস্তান, পাকিস্তানৰ পৰা অহা শৰণাৰ্থীক নাগৰিকত্ব দিবলৈ এই আইন কাৰ্যকৰী কৰা হৈছে।”













