
দেউবাৰে বিয়লি তিনিমান বজাত ডিফুৰ (Diphu) হৰিলাল বস্তিত স্থানীয় প্রগেছিভ য়ুথ ছ’চাইটিৰ উদ্যোগত অঞ্চলটোৰ পৰা সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীর্ণ ৭০গৰাকী ছাত্র ছাত্রীক সম্বর্ধনা জনোৱা হয়।

এই অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে কার্বি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীব কুমাৰ শইকীয়া, বিশিষ্ট সাংবাদিক সঞ্জু বৰা নির্দিষ্ট বক্তাৰূপে উপস্থিত থকাৰ বিপৰীতে ডিফু মছজিদ কমিটিৰ সভাপতি মজাহাৰুল ইছলাম সম্মানীয় অতিথিৰূপে উপস্থিত থাকে। ডিফু আদালতৰ অধিবক্তা কনিকা বিশ্বাসো বিশেষ অতিথিৰূপে উপস্থিত থাকে।
প্রগেছিভ যুথ ছ’চাইটিৰ সভাপতি নুৰুল ইছলামৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত অঞ্চলটোৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকত অঞ্চলটোৰ ভিতৰত সফলতাৰে উত্তীর্ণ ৫ গৰাকীক ছাহবাজ আহমেদ সোঁৱৰণি বঁটা প্ৰদান কৰা হয়। এই বঁটাৰ দাতা আছিল ছইফুদ্দিন আহমেদ। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক আকিব আহমেদে। মুখ্য অতিথিৰ ভাষণত জিলা আৰক্ষী অধীক্ষক সঞ্জীব কুমাৰ শইকীয়াই কয় যে মই ডিফুলৈ প্রথমে আহি হৰিলাল বস্তিব এখন বেলেগ ছবি দেখিছিলো।

এতিয়া সম্পূর্ণ এখন বিপৰীত ছবি প্রত্যক্ষ কৰি মই আনন্দিত হৈছো। সমাজখনৰ এনে সচেতনতাই সমাজখনৰ উন্নতি সাধন কৰিব বুলিও শইকীয়াই আশা ব্যক্ত কবে। নির্দিষ্ট বক্তাৰ ভাষণত সঞ্জু বৰাই ছাত্র-ছাত্রীসকলক উদ্বুদ্ধ কৰি এক সাৰুৱা ভাষণ প্রদান কৰে।













