ASSAM TIMES POST
নগাঁও : আজি নগাঁৱত গঠন হ’ল অসম গন মঞ্চ নামৰ এক নতুন আঞ্চলিক দল । আজি নগাঁও প্ৰেছ ক্লাৱত অনুষ্ঠিত প্ৰতিনিধিত্ব মূলক সভাত নতুনকৈ গঠিত দলটোৰ এখন আহবায়ক সমিতি গঠন কৰা হয় । সীমান্ত কুমাৰ দত্তক মূখ্য আহবায়ক, দেৱৰঞ্জন চেতীয়া , গোপাল দাসক প্ৰচাৰ বিভাগৰ আহবায়ক , প্ৰানজিৎ ৰাজখোৱাক সমন্বয়ক হিচাবে লৈ এখন ১১৬ জনীয়া আহবায়ক সমিতি গঠন কৰা হয় ।
দলটোৰ মুখ্য আহবায়ক সীমান্ত কুমাৰ দত্তই জানিবলৈ দিয়া মতে জাতি মাটি ভেটি ৰক্ষা শ্লগানেৰে শাসনৰ বাঘজৰী লোৱা সকলে অসমীয়া জাতিক প্ৰতাৰণা কৰিলে । আনকি ৮৫৫ জন শ্বহিদৰ তেজৰ বিনিময়ত গঠন হোৱা আঞ্চলিকতাবাদী দল অসম গন পৰিষদে অসমৰ ৰাইজক চূড়ান্ত বিস্বাসঘাটকতা কৰিছে ।
এনে এক ৰাজনৈতিক পৰিস্থিতিত অসমত এক সুস্থ আঞ্চলিকতাবাদী ৰাজনীতিৰ বুনিয়াদ গঢি তুলাৰ লক্ষৰে এই নতুন দলটো গঠন কৰা হৈছে । অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকক সামৰি এই দলতো শক্তিশালী ৰূপত গঢ়ি তোলা হব । দত্তই লগতে কয় যে অসম গন মঞ্চই কা তীব্ৰ বিৰোধীতা কৰিছে । কা বাতিল হবই লাগিব । অসম গন মঞ্চই কা বিৰোধী আন্দোলন চলাই যাব । এই নতুন ৰাজনৈতিক দলৰ এখন অভিবৰ্তন ফেব্ৰুৱাৰী মাহত নগাঁৱৰ নেহেৰুবালিত অনুষ্ঠিত হব বুলি দত্তই জানিবলৈ দিয়ে ।











