ASSAM TIMES POST
নিউজ ডেক্স
কৰোনা ভাইৰাছৰ ফলত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে চীনত৷ দেশখনৰ স্বাস্থ্য সংস্থাই কোৱা মতে এই ভাইৰাছত আক্ৰান্ত হৈ চীনত ৫৬ জন লোকৰ মৃত্যু হৈছে৷ ইয়াৰ ভিতৰত ১৩ জন হ’ল হুবেই প্ৰদেশৰ৷ আনহাতে যোৱা ২৪ ঘণ্টাত দেশখনত ১৫ জন লোক এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়৷
উল্লেখ্য যে কেৱল হুবেই প্ৰদেশত এই পৰ্যন্ত ৫২ জন লোকৰ মৃত্যু হৈছে৷ চাংহাইত এই ভাইৰাছৰ কৱলত পৰি এজন লোকৰ মৃত্যু হয়৷ ইতিমধ্যে এই ভাইৰাছ পাইছেগৈ থাইলেণ্ড, ভিয়েটনাম, ছিংগাপুৰ, জাপান, দক্ষিণ কোৰিয়া, টাইৱান, নেপাল, মালয়েছিয়া দেশ৷ আনহাতে ফ্ৰান্স, অষ্ট্ৰেলিয়া আৰু আমেৰিকাটো এই ৰোগে সংক্ৰমণ কৰিছে৷











