ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Vaishno Devi landslide । বৈষ্ণো দেৱী মন্দিৰৰ পথত ভূমিস্খলনত মৃত্যুৰ সংখ্যা ৩০ জনলৈ বৃদ্ধি, আবদ্ধ বহু লোক

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
August 27, 2025
Reading Time: 1 min read
A A
0
Vaishno Devi landslide । বৈষ্ণো দেৱী মন্দিৰৰ পথত ভূমিস্খলনত মৃত্যুৰ সংখ্যা ৩০ জনলৈ বৃদ্ধি, আবদ্ধ বহু লোক

Oplus_131072

RELATED POSTS

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

New Logo Smal 1 | ASSAM TIMES POST

ধাৰাসাৰ বৰষুণৰ ফলত জম্মু-কাশ্মীৰৰ বৈষ্ণো দেৱী তীৰ্থযাত্ৰা পথত ভূমিস্খলন (Vaishno Devi landslide)। ভূমিস্খলনৰ ফলত আবদ্ধ হৈ পৰে বহু লোক। বুধবাৰে পুৱালৈকে বৈষ্ণো দেৱী তীৰ্থ পথত হোৱা ভূমিস্খলনৰ ফলত কমেও ৩০ জন লোকৰ মৃত্যু হয়। ২৩ জন আহত হৈছে।

Vaishno Devi landslide ।
বৈষ্ণো দেৱী মন্দিৰৰ পথত ভূমিস্খলনত মৃত্যুৰ সংখ্যা ৩০ জনলৈ বৃদ্ধি:

কিন্তু এতিয়াও বহু লোকে ভূমিস্খলনৰ বাবে আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে। কেৱল বৈষ্ণো দেৱী তীৰ্থযাত্ৰা পথতেই নহয়, জম্মু-কাশ্মীৰৰ বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণৰ ফলত ভূমিস্খলন সংঘটিত হৈছে। বন্ধ হৈ আছে পথ যোগাযোগ। ফলত একপ্ৰকাৰ যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈ পৰিছে।

বিগত তিনিদিন ধৰি জম্মু-কাশ্মীৰত বৰষুণ হৈ আছে। ইয়াৰ কাৰণে কোনো কোনো ঠাইত আকস্মিক বান, আন কোনো ঠাইত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। জম্মুৰ পৰিস্থিতি আৰু অধিক ভয়াৱহ। দলং ভাঙিছে, বিদ্যুৎ পৰিসেৱা বন্ধ, মোবাইল টাৱাৰৰ ক্ষতি হৈছে। বৈষ্ণো দেৱী মন্দিৰৰ সমীপতো ভূমিস্খলন সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে ৰেছিৰ এছ এছ পি পৰমবীৰ সিঙে। ভূমিস্খলনৰ তলত কমেও ৩০ জন লোক আবদ্ধ হৈ পৰে।

প্ৰাকৃতিক দুৰ্যোগৰ বাবে আবদ্ধ হৈ আছে বহু লোক। সমান্তৰালভাৱে চলি আছে তেওঁলোকৰ উদ্ধাৰৰ কাম। উদ্ধাৰ কামত বিভিন্ন সংগঠনে সহযোগিতা আগবঢ়াইছে। মঙলবাৰে নিশালৈকে ৩৫০০ বাসিন্দাক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে। অস্থায়ী সাহায্য শিবিৰত থকা আৰু খাদ্যৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। শিবিৰসমূহত প্ৰয়োজনীয় চিকিৎসাৰ ব্যৱস্থাও কৰা হৈছে। অৱশ্যে যিসকল লোকৰ অৱস্থা সংকটজনক, তেওঁলোকক আন ঠাইলৈ নিয়াৰ কাম চলি আছে।

ইফালে বতৰ বিজ্ঞান বিভাগে কয় যে বৰ্তমান পৰিস্থিতিৰ পৰিৱৰ্তন হোৱাৰ কোনো সম্ভাৱনা নাই। বৰ্তমান জম্মু-কাশ্মীৰৰ বতৰ এনেকৈয়ে আৰু দুই-তিনিদিন থাকিব। লগতে অধিক মুষলধাৰ বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে। কিছু ঠাইত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। কাটৰা, জম্মু, ছাম্বা, ৰিয়াছি, উধমপুৰ, ডোডা আৰু কিষ্টৱাৰ জিলাতো ভূমিস্খলন আৰু আকস্মিক বানৰ সতৰ্কবাণী জাৰি কৰা হৈছে।

আনহাতে, পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সম্প্ৰতি বৈষ্ণো দেৱী যাত্ৰা স্থগিত ৰখা হৈছে। মঙলবাৰে বিয়লি অৰ্ধকুনাৰীৰ ইন্দ্ৰপ্ৰস্থ ভোজনালয়ৰ সমীপত ভূমিস্খলন সংঘটিত হয়। লগে লগে তীৰ্থযাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয়। ভূমিস্খলনৰ লগে লগে বৈষ্ণো দেৱী মন্দিৰ সমিতিৰ সদস্য আৰু নিৰাপত্তাৰক্ষীয়ে উদ্ধাৰ কাম আৰম্ভ কৰে। পথত থকা আন তীৰ্থযাত্ৰীসকলক নিৰাপদ স্থানলৈ লৈ যোৱা হয়। অৱশ্যে এই পথত এতিয়াও কোনো লোক আবদ্ধ হৈ আছে নেকি সেই বিষয়ে জানিবলৈ অনুসন্ধান অব্যাহত আছে।

উদ্ধাৰকাৰী দলটোৰ এজন জ্যেষ্ঠ বিষয়াৰ মতে, “অবিৰত বৰষুণৰ বাবে উদ্ধাৰ কামত বাৰে বাৰে বাধা আহি পৰিছে। অৱশ্যে আমি সকলোকে অতি সোনকালে নিৰাপদ স্থানলৈ লৈ যোৱাৰ চেষ্টা কৰিছো।”

Share this:

  • Share on Facebook (Opens in new window) Facebook
  • Share on WhatsApp (Opens in new window) WhatsApp
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on X (Opens in new window) X

Like this:

Like Loading…

Related

Tags: আবদ্ধ বহু লোকবৈষ্ণো দেৱী মন্দিৰৰ পথত ভূমিস্খলনতমৃত্যুৰ সংখ্যা ৩০ জনলৈ বৃদ্ধি
Share4Tweet3Send

Related Posts

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ
National-International

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

by News Desk
August 26, 2026
50
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ
National-International

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

by News Desk
August 26, 2026
50
US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া
National-International

US VISA Temporarily suspended : বিশ্বজুৰি সাময়িকভাৱে বন্ধ আমেৰিকান ভিছাৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া

by News Desk
August 26, 2026
50
Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক
National-International

Nepal flood : নেপালৰ আকস্মিক বানত নিৰুদ্দেশ শতাধিক ভাৰতীয় পৰ্যটক

by News Desk
August 26, 2026
50
Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু
National-International

Nepal flood : আকস্মিক বানৰ কবলত বিধ্বস্ত নেপাল; বানে উটুৱাই নিলে ঘৰ, গাড়ী, দলং, ৮ জনৰ মৃত্যু

by News Desk
August 26, 2026
50
Telangana bus tragedy : ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা, তেলেংগানাত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৬
National-International

Telangana bus tragedy : ৰখাই থোৱা ট্ৰাকত পিছফালৰ পৰা খুন্দা, তেলেংগানাত ভয়ংকৰ বাছ দুৰ্ঘটনাত নিহত ৬

by News Desk
August 26, 2026
50
ADVERTISEMENT
CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি
KARBI ANGLONG

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
50
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ
National-International

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
50
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ
National-International

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026
50
Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt
KARBI ANGLONG

Karbi Anglong Accident: Shocking, Tragic – 2 Dead, 4 Hurt

August 26, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

CM Relief Fund : কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ পৰা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ৫১ লাখ টকাৰ বৰঙণি

August 26, 2026
Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

Nepal Floods : নেপাল দুৰ্যোগৰ বাবে সতৰ্ক বিহাৰ, সাজু কৰি ৰখা হৈছে এনডিআৰএফ

August 26, 2026
Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

Nepal Floods : নেপালৰ প্ৰধানমন্ত্ৰীৰ সৈতে বাৰ্তালাপ মোদীৰ, বান দুৰ্যোগত দ্ৰুততাৰে সম্ভৱপৰ সকাহ প্ৰেৰণ

August 26, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx

%d