
হিমাচল প্ৰদেশত (Himachal Pradesh Flood) দুৰ্যোগ কমাৰ যেন কোনো লক্ষণে নাই। ধাৰাসাৰ বৰষুণ আৰু আকস্মিক বানে বিভিন্ন স্থানত ভূমিস্খলনৰ সৃষ্টি কৰিছে। বসতিৰ পিছত বসতি জাহ গৈছে। মৃত্যুও হৈছে।

বিগত কিছুদিন ধৰি হিমাচলৰ ওখ অঞ্চলত ধাৰাবাহিকভাৱে হোৱা বৰষুণৰ বাবে বিপাশাৰ জলপৃষ্ঠই কিছু ঠাইত বিপদসীমা অতিক্ৰম কৰিছে। আনকি হিমাচলৰ ‘জীৱন ৰেখা’ চণ্ডীগড়-মানালী ৰাষ্ট্ৰীয় ঘাইপথটোও বিপাশাৰ বুকুত জাহ গৈছে।
নদীৰ পানী ওফন্দি উঠি ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে বৈ যোৱাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ এক বৃহৎ অংশ নদীত জাহ গৈছে। বিশেষকৈ কুল্লু আৰু মানালীৰ মাজত কেইবাটাও স্থানত পানীৰ সোঁতৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ ছিগি গৈছে। ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন স্থানত শ শ বাহন আবদ্ধ হৈ পৰিছে। যাত্ৰীসকলো আবদ্ধ হৈ পৰিছে। একেৰাহে তিনিদিন ধৰি পথত আবদ্ধ হৈ আছে বাহনসমূহ।
ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই জনোৱা মতে, ৰাষ্ট্ৰীয় ঘাইপথৰ কেইবাটাও অংশ ক্ষতিগ্ৰস্ত হৈছে। ফলত যাতায়াত সম্পূৰ্ণ স্তব্ধ হৈ পৰিছে। পথটো ক্ষিপ্ৰতাৰে মেৰামতি কৰি স্বাভাৱিক যাতায়াত পুনৰ ঘূৰাই অনাৰ প্ৰচেষ্টা চলোৱা হৈছে। কিন্তু প্ৰতিকূল বতৰ আৰু অবিৰত বৰষুণৰ বাবে কেতিয়া পৰিস্থিতি স্বাভাৱিক হ’ব সেই লৈ সন্দেহ প্ৰকাশ কৰিছে গাড়ীত আবদ্ধ যাত্ৰীসকলে।
ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই জনোৱা মতে, কোনো কোনো ঠাইত ৰাষ্ট্ৰীয় ঘাইপথৰ ২০০ মিটাৰৰো অধিক অংশ নদীৰ বুকুত জাহ গৈছে। তদুপৰি ভূমিস্খলনৰ বাবে পৰিস্থিতি আৰু অধিক জটিল হৈ পৰিছে। বানালাত ভূমিস্খলনৰ বাবে যাতায়াত বন্ধ কৰিবলগীয়া হয় ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই।
মানালীৰ বাসিন্দাসকলে ইণ্ডিয়া টিভি টুডেক জনোৱা মতে, কেইবাঠাইতো ডাৱৰ বিস্ফোৰণৰ বৰষুণৰ বাবে বিপাশাৰ জলপৃষ্ঠ হঠাতে বিপজ্জনক স্তৰলৈ বৃদ্ধি পাইছে। বহু পৰিয়ালে আতঙ্কত দিন পাৰ কৰিছে।
ইটোৰ পিছত সিটো ঘৰ নদীত বুৰ গৈ আছে। ফলত ঘৰ এৰি আন ঠাইত আশ্ৰয় ল’বলগীয়া হৈছে। তেওঁলোকে কয়, “বিশুদ্ধ খোৱাপানী নাই। যিহেতু দোকানবোৰ জাহ গৈছে, উপাৰ্জন প্ৰায় বন্ধ হৈ গৈছে। এতিয়া আপেলৰ বতৰ। এই দুৰ্যোগত সেই শস্যবোৰো ধ্বংস হৈ আছে। এই পৰিস্থিতি অব্যাহত থাকিলে আমি বৃহৎ লোকচানৰ সন্মুখীন হ’ম।”
কেৱল আৱাসিক অঞ্চল, নদীৰ পাৰত নিৰ্মিত হোটেল আৰু ৰিজ’ৰ্টবোৰেই নহয়, আনকি বহু দলঙো পানীৰ বাবে ভাঙি গৈছে। ফলত বহু অঞ্চলৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে।










