ASSAM TIMES POST
উৎপল দাস, গোলাঘাটঃ আহোমক বিদেশী, খিলঞ্জীয়া নহয় বুলি যি বিতৰ্কিত মন্তব্য ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলামে আগবঢ়াইছিল তাৰ প্ৰতিবাদত বুধবাৰে সদৌ তাই আহোম ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিয়ে গোলাঘাটৰ মাজ মজিয়াত অৱস্থিত স্বৰ্গদেউ চ্যুকাফা আবক্ষয় মুৰ্তিৰ ওচৰত আমিনুল ইছলামৰ প্ৰতিমুৰ্তি দাহ কৰা হয়।
প্ৰায় অৰ্ধ শতাধিক সংগঠনৰ বিষয় ববীয়া উপস্থিতিত কেন্দ্ৰীয় সমিতিৰ উপসভাপতি যাদৱ কোঁৱৰ, জিলা সমিতিৰ সভাপতি কৃষ্ণ বৰুৱা, কায্যকৰি সভাপতি পংকজ গগৈ, যুটীয়া সম্পাদক গৌতম লাহন, সহকাৰী সম্পাদক জয়ন্ত গগৈ, মুখ্য সাংগঠনিক সম্পাদক পাৰ্থপ্ৰতিম কোঁৱৰ, সংগঠনিক সম্পাদক উমেশ গগৈ উপস্থিত থাকে। সভাপতি কৃষ্ণ বৰুৱাই কয় আমিনুল ইছলামে যদি ৰাজহুৱা ক্ষমা নোখোজে তেন্তে আগন্তক দিনত আইনি ব্যবস্থা ল’বলৈ তাই আহোম ছাত্ৰ সন্থা বাধ্য হম। যাদৱ কোঁৱৰে কয় বুৰঞ্জী নজনা অলগদ্ধ বিধায়ক ইছলামৰ যদি সাহস আছে আহোমৰ লগত সমুখ সমৰলৈ আহক।