
বি এন পিৰ অধ্যক্ষ তথা বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ (Khaleda Zia) শাৰীৰিক অৱস্থা ‘অতি সংকটজনক’। শুকুৰবাৰে এই কথা প্ৰকাশ কৰে তেওঁৰ দলৰ সাধাৰণ সম্পাদক ফখৰুল ইছলাম আলমগীৰে। এই খবৰ লাভ কৰাৰ পিছতে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে উদ্বেগ প্ৰকাশ কৰে।

তেওঁৰ কাৰ্যালয়ে আবেদন জনাইছে যে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ আৰোগ্যৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰক। অন্তৱৰ্তীকালীন চৰকাৰেও সম্ভৱপৰ সকলো সহায়ৰ প্ৰতিশ্ৰুতি দিছে।
বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক উশাহ-নিশাহত অসুবিধাৰ সন্মুখীন হোৱাৰ বাবে যোৱা দেওবাৰে ঢাকাৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ।
চিকিৎসালয়ৰ সূত্ৰ অনুসৰি, নেত্ৰীগৰাকীৰ হৃদযন্ত্ৰ আৰু হাওঁফাওঁত সংক্ৰমণ হৈছে। চি চি ইউত চিকিৎসাধীন হৈ আছে তেওঁ। সংবাদ সংস্থা পি টি আইৰ তথ্য অনুসৰি, বি এন পিৰ মহাসচিবগৰাকীয়ে কয় যে ৮০ বছৰীয়া নেত্ৰীগৰাকীৰ অৱস্থা সংকটজনক।
মহম্মদ ইউনুছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ শাৰীৰিক অৱস্থাৰ বিষয়ে খবৰ কৰিছে। লগতে সকলো ধৰণৰ চিকিৎসা সাহায্যৰ প্ৰতিশ্ৰুতি দি তেওঁ কয়, “চিকিৎসাৰ ক্ষেত্ৰত কোনো ধৰণৰ ত্ৰুটি হ’ব নালাগে। চৰকাৰে প্ৰয়োজনীয় সকলো সহায় আগবঢ়াব।” তেওঁ লগতে কয়, “গণতন্ত্ৰৰ উত্থানৰ এক গুৰুত্বপূৰ্ণ সময়ত বেগম খালেদা জিয়া ৰাষ্ট্ৰৰ অন্যতম প্ৰেৰণা। তেওঁৰ সুস্বাস্থ্য দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ।”










