ASSAM TIMES POST
নিউজ ডেস্ক: শ্বাহীনবাগৰ কা’ৰ বিৰোধী আন্দোলনত ভাৰতৰ পৰা অসমক বিচ্ছিন্ন কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰা চাৰ্জিল ইমাম বৃহস্পতি বাৰে অনা হয় গুৱাহাটীলৈ।দিল্লী পৰা ৰেল যোগে অনা হয় চার্জিলক।গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত ইমামক স্বাস্থ্য পৰীক্ষাৰ কৰাৰ পিছত হাজিৰ কৰোৱা হয় কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত।
ADVERTISEMENT
অসম আৰক্ষীয়ে ১৪ দিনৰ জিম্মাত বিচাৰিছে চাৰ্জিলক।
দেশদ্ৰোহিতাৰ গোচৰত অভিযুক্ত চাৰ্জিলক আদালতে ১৪দিনৰ বিপৰীতে ৪দিনৰ আৰক্ষী জিম্মাত প্ৰদান কৰে।
ADVERTISEMENT
আনহাতে গুৱাহাটী ৰেল ষ্টেছনত উপস্থিত হোৱাৰ লগে লগে প্ৰতিবাদ কৰে কামৰূপ মহানগৰ জিলা অখিল ভাৰত বিদ্যাৰ্থী পৰিষদৰ সদস্য সকলে।