
এজন ব্যক্তিৰ মাহিলী উপাৰ্জন খুব বেছি ১০-১২ হাজাৰ টকা। কিন্তু সেই কেবচালক ব্যক্তিজনৰ বেংক একাউণ্টত ৩০০ কোটি টকাৰ লেনদেনৰ বিষয়টো পোহৰলৈ আহিছে গুজৰাটৰ আহমেদাবাদ (Ahmedabad, Gujarat)ত। উক্ত সূত্ৰৰ ভিত্তিত বলবৎকাৰী সঞ্চালকালয়ে (ইডি) ৫৫০ কোটি টকাৰ জালিয়াতি (Fraud of 5.5 billion)ৰ তথ্য লাভ (Obtaining information) কৰে।
সূত্ৰ অনুসৰি, কেবচালকজনৰ নাম প্ৰদীপ অৰ্ডে। তদন্তকাৰীয়ে জানিব পাৰিছে যে প্ৰদীপৰ বেংক একাউণ্টক ক’লা ধনৰ লেনদেনৰ বাবে ‘মিউল একাউণ্ট’ হিচাপে ব্যৱহাৰ কৰিছিল প্ৰৱঞ্চকসকলে। তদন্তকাৰী সূত্ৰৰ মতে, কেবচালকজনৰ একাউণ্ট ব্যৱহাৰ কৰি ক্ৰিকেট ৰিগিঙৰ ধন অন্য ঠাইলৈ প্ৰেৰণ কৰা হৈছে। এই সন্দৰ্ভত ইডিয়ে আহমেদাবাদৰ অপৰাধ দমন শাখাত এজাহাৰ দাখিল কৰিছে। সূত্ৰৰ পৰা জানিব পৰা মতে, প্ৰদীপক গ্ৰেপ্তাৰ কৰি জেৰা চলি আছে।

তদন্তকাৰীৰ সূত্ৰ মতে, প্ৰদীপক সোধা-পোছা কৰাৰ পিছত প্ৰথমতে প্ৰকাশ পাইছিল যে প্ৰদীপে নিজৰ বেংক একাউণ্ট কিৰণ পাৰমাৰ নামৰ এজন চিনাকি ব্যক্তিক ২৫ হাজাৰ টকাত ‘ভাড়া’ত দিছিল। কেৱল সেয়াই নহয়, লেনদেনৰ বাবে ব্যৱহাৰ কৰা চেকত চহী কৰিবলৈ প্ৰদীপক প্ৰতিখন চেকত ৪০০ টকা দিয়া হৈছিল। প্ৰদীপৰ নামত এটা কোম্পানীও খোলা হয়। সেই তথ্যৰ ভিত্তিত ইডিয়ে আৰু দুটা ভুৱা কোম্পানী বিচাৰি পায়। এই কোম্পানীসমূহ ২০২৪ চনত পঞ্জীয়ন কৰা হৈছিল। এই কোম্পানীসমূহ ধন সৰবৰাহৰ বাবে ব্যৱহাৰ কৰাৰ পৰিকল্পনা আছিল বুলি সন্দেহ কৰা হৈছে। প্ৰথম অৱস্থাত তদন্তকাৰীয়ে গম পাইছে যে এই কোম্পানী দুটাৰ একাউণ্টত ৫৫০ কোটি টকা জমা হৈছে। ইয়াৰে ৮০ কোটি ৫০ লাখ, ৫২ কোটি ১১ লাখ আৰু ২২ কোটি ৮৬ লাখ টকা তিনিটা ভিন্ন কোম্পানীৰ একাউণ্টলৈ ট্ৰেন্সফাৰ কৰা হৈছে। কেন্দ্রীয় তদন্তকাৰী সংস্থাই এতিয়া এই কেলেংকাৰিত কোন জড়িত আৰু এই ধন ক’লৈ পঠিওৱা হ’ল সেই কথা জানিবলৈ চেষ্টা চলাইছে৷
কিন্তু এই মিউল একাউণ্ট কি?
মিউল একাউণ্ট হৈছে অপৰাধীয়ে অবৈধ বিত্তীয় লেনদেন (যেনে, আৰ্থিক জালিয়াতি, প্ৰৱঞ্চনা, চুৰি হোৱা ধন স্থানান্তৰ) কৰিবলৈ ব্যৱহাৰ কৰা বেংক একাউণ্ট। এনে ক্ষেত্ৰত একাউণ্টধাৰীয়ে জানি বা অজানিতে আনৰ পৰা অপৰাধমূলক ধন নিজৰ একাউণ্টত লাভ কৰে আৰু তাৰ পিছত আন ঠাইলৈ প্ৰেৰণ কৰে। সহজ ভাষাত ক’বলৈ গ’লে ই অবৈধ বিত্তীয় লেনদেনত ব্যৱহাৰ কৰা মধ্যস্থতাকাৰী বেংক একাউণ্ট।












