
ডুৰাণ্ড লাইনত আফগান তালিবানৰ সৈতে সংঘৰ্ষ হোৱাৰ পিছতো জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণৰেখাত পাকিস্তানী সেনাই নিজৰ কাৰ্যকলাপ হ্ৰাস কৰা নাই। শীতকালৰ শেষত বৰফ গলিবলৈ আৰম্ভ কৰাৰ লগে লগে পাক অধিকৃত কাশ্মীৰৰ পৰা সন্ত্ৰাসবাদীৰ অনুপ্ৰৱেশৰ চেষ্টা আৰম্ভ হৈছে।

মঙলবাৰে নিশা আগতীয়া চোৰাংচোৱা তথ্যৰ ভিত্তিত ভাৰতীয় সেনাই জম্মুৰ এল অ’ চিৰ ভীম্বাৰ গালি অঞ্চলত এনে এটা সন্ত্ৰাসবাদী অনুপ্ৰৱেশৰ প্ৰচেষ্টা বিফল কৰে। জম্মুৰ নাগ্ৰ’টাত নিয়োজিত ১৬ নং ক’ৰ্পছৰ (‘হোৱাইট নাইট ক’ৰ্পছ’ নামেৰে পৰিচিত) উদ্যোগত এই অভিযান চলে। অৱশ্যে এই অভিযানত কোনো ধৰণৰ হতাহতিৰ খবৰ সেনাই দিয়া নাই।
সন্ত্ৰাসবাদী অনুপ্ৰৱেশৰ চেষ্টাৰ আগতীয়া তথ্য লাভ কৰি মঙলবাৰে নিশা ভীম্বাৰ গালি অঞ্চলত সেনাই আকাশ আৰু স্থলপথত চোৰাংচোৱাগিৰি আৰম্ভ কৰিছিল। চোৰাংচোৱাগিৰিৰ ড্ৰ’নে এল অ’ চিৰ সমীপত অনুপ্ৰৱেশ কৰা সন্ত্ৰাসবাদীক দেখা পোৱাৰ পিছত সেনাই কিষীপ্ৰতাৰে প্ৰতিশোধ লয়। প্রতিৰোধৰ সন্মুখীন হৈ পাক অধিকৃত কাশ্মীৰলৈ অনুপ্ৰৱেশকাৰীয়ে পলায়ন কৰে।










