ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Pak attack Kabul I কাবুলৰ চিকিৎসালয়ত পাকিস্তানৰ আক্ৰমণত নিহত ৪০০, আহত কমেও ২৫০

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 17, 2026
Reading Time: 1 min read
A A
0
Pak attack Kabul I কাবুলৰ চিকিৎসালয়ত পাকিস্তানৰ আক্ৰমণত নিহত ৪০০, আহত কমেও ২৫০

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

এইবাৰ পাকিস্তানে আফগানিস্তানৰ এখন চিকিৎসালয়ত আক্ৰমণ (Pak Attack Kabul) কৰাৰ অভিযোগ উত্থাপন হৈছে। সোমবাৰে নিশা পাকিস্তানী সেনাই আফগানিস্তানৰ ৰাজধানী কাবুলৰ এখন চিকিৎসালয়ত বিমান আক্ৰমণ চলায়। এই অভিযোগ তালিবান চৰকাৰৰ।

Pak attack Kabul I
কাবুলৰ চিকিৎসালয়ত পাকিস্তানৰ আক্ৰমণত নিহত ৪০০:

জানিব পৰা মতে, চিকিৎসালয়খনত পাকিস্তানৰ আক্ৰমণত কমেও ৪০০ লোক নিহত হৈছে আৰু প্ৰায় ২৫০ জন আহত হয়। মৃত আৰু আহতসকলৰ অধিকাংশই চিকিৎসালয়খনৰ ৰোগী। অৱশ্যে চিকিৎসালয় আক্ৰমণৰ অভিযোগ অস্বীকাৰ কৰিছে পাকিস্তানে। তেওঁলোকে দাবী কৰে যে পাকিস্তানী সেনাই কোনো অসামৰিক অট্টালিকাত আক্ৰমণ কৰা নাই।

বিগত দুসপ্তাহ ধৰি আফগানিস্তান আৰু পাকিস্তানে সীমান্ত সংঘৰ্ষত লিপ্ত হৈছে। সোমবাৰে দুয়োখন দেশৰ সীমান্তত গুলীয়াগুলী সংঘটিত হয়। বন্দুকৰ যুদ্ধত আফগান তালিবানৰ চাৰিজন জোৱান নিহত হয়। বন্দুকৰ যুঁজৰ কেইঘণ্টামান পিছতে আফগানিস্তানৰ ৰাজধানী কাবুলৰ এখন চিকিৎসালয়ত পাকিস্তানে আক্ৰমণ চলোৱাৰ খবৰ বিয়পি পৰে। চিকিৎসালয়খনৰ কিছু ভিডিঅ’ স্থানীয় সংবাদ মাধ্যমতো প্ৰকাশ পাইছে।

ফুটেজত দেখা গৈছে যে নিৰাপত্তা বাহিনীৰ সদস্যই টৰ্চ জ্বলাই আহতসকলক চিকিৎসালয়ৰ পৰা উদ্ধাৰ কৰি আছে। চিকিৎসালয় ভৱনৰ এটা বৃহৎ অংশ ধ্বংসাৱশেষলৈ পৰিণত হৈছে। চাৰিওফালে জুই জ্বলি আছে। অগ্নিনিৰ্বাপক বাহিনীৰ এটা দলে জুই নিৰ্বাপনৰ চেষ্টা চলাইছে।

কাবুলৰ এই চিকিৎসালয়খনত ড্ৰাগছ আসক্তৰ চিকিৎসা কৰা হয়। সোমবাৰে নিশা পাকিস্তানে ২০০০ বিছনাযুক্ত চিকিৎসালয়খনত বিমান আক্ৰমণ চলোৱা বুলি অভিযোগ উঠিছে। ঘটনাৰ কিছু সময়ৰ পাছতে আফগান চৰকাৰৰ উপ-মুখপাত্ৰ হামদুল্লা ফিত্ৰাটে ছ’চিয়েল মিডিয়াত পোষ্ট কৰে।

তেওঁ জনোৱা মতে, স্থানীয় সময় অনুসৰি নিশা প্ৰায় ৯ বজাত চিকিৎসালয়খনত আক্ৰমণ কৰা হয়। এই আক্ৰমণৰ ফলত চিকিৎসালয়খনৰ এক বৃহৎ অংশ সম্পূৰ্ণৰূপে ধ্বংস হয়। ফিত্ৰাটে প্ৰথমতে কয় যে ৪০০ লোক নিহত হোৱাৰ লগতে প্ৰায় ২৫০ জন আহত হৈছে।

আফগানিস্তানে চিকিৎসালয়খনৰ ওপৰত বিমান আক্ৰমণৰ বাবে পাকিস্তানক পোনপটীয়াকৈ জগৰীয়া কৰিছে। তালিবান চৰকাৰৰ মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে এই আক্ৰমণক গৰিহণা দি ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে।

তেওঁ পাকিস্তানে চিকিৎসালয় আৰু অসামৰিক অট্টালিকাসমূহক লক্ষ্য কৰি নিজৰ “নিষ্ঠুৰ কাৰ্যকলাপ” অব্যাহত ৰখাৰ অভিযোগ উত্থাপন কৰে। তালিবান চৰকাৰৰ মুখপাত্ৰই এই আক্ৰমণক “অনৈতিক” আৰু “মানৱতাৰ বিৰুদ্ধে অপৰাধ” বুলিও অভিহিত কৰে।
অৱশ্যে পাকিস্তানে কোনো চিকিৎসালয়ত আক্ৰমণ কৰা নাছিল বুলি দাবী কৰিছে।

পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফৰ মুখপাত্ৰ মুশ্বাৰফ জাইদীয়ে এই অভিযোগক ভিত্তিহীন বুলি খাৰিজ কৰে। তেওঁ দাবী কৰে যে পাকিস্তানে কাবুলৰ কোনো চিকিৎসালয়ক লক্ষ্য কৰি লোৱা নাছিল। পাকিস্তানৰ তথ্য মন্ত্ৰালয়ে কয় যে আফগানিস্তানৰ সামৰিক ঘাটি আৰু সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সমৰ্থন থকা ঠাইকে ধৰি নিৰ্দিষ্ট স্থানতহে আক্ৰমণ চলি আছে।

আফগান মুখপাত্ৰগৰাকীৰ অভিযোগ নাকচ কৰি পাকিস্তানৰ তথ্য মন্ত্ৰালয়ে দাবী কৰে যে পাকিস্তানে আক্ৰমণৰ স্থানসমূহ অতি সাৱধানে আৰু নিখুঁতভাৱে বাছি লৈছে, যাতে কোনো অশুভ কাণ্ড সংঘটিত নহয়। তেওঁলোকে দাবী কৰে যে আফগানিস্তানে সন্ত্ৰাসবাদক সমৰ্থন কৰাৰ অভিযোগৰ পৰা মনোযোগ আঁতৰাই নিবলৈ এনে “ভিত্তিহীন আৰু বিভ্ৰান্তিকৰ” অভিযোগ উত্থাপন কৰিছে।

Tags: আক্ৰমণত নিহত ৪০০আহত কমেও ২৫০কাবুলৰ চিকিৎসালয়ত পাকিস্তানৰ
Share4Tweet3Send

Related Posts

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য
National-International

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

by News Desk
July 4, 2026
50
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ
National-International

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

by News Desk
July 4, 2026
50
Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত
National-International

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

by News Desk
July 4, 2026
50
Bangladeshi trespasser : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত তামিলনাডুত আটক ৫০
National-International

Bangladeshi trespasser : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত তামিলনাডুত আটক ৫০

by News Desk
July 4, 2026
50
Mumbai Havy Rain : ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন মুম্বাই
National-International

Mumbai Havy Rain : ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন মুম্বাই

by News Desk
July 4, 2026
50
PM Modi : বৃহত্তম শক্তি সংকটৰ সফলতাৰে মোকাবিলা কৰিছে : ৰাজস্থানত ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে
National-International

PM Modi : বৃহত্তম শক্তি সংকটৰ সফলতাৰে মোকাবিলা কৰিছে : ৰাজস্থানত ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে

by News Desk
July 4, 2026
50
ADVERTISEMENT
Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য
National-International

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

July 4, 2026
50
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ
National-International

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

July 4, 2026
50
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026
50
Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত
National-International

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

July 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

Terrorist arrested : ভাৰতত বৃহৎ আক্ৰমণৰ পৰিকল্পনা, গুজৰাট-মধ্যপ্ৰদেশত গ্ৰেপ্তাৰ জৈছ ‘শ্লিপাৰ চেল’ৰ ৮ সদস্য

July 4, 2026
UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

UAPA : লস্কৰ-জৈছৰ ২৩ পাকিস্তানী কমাণ্ডাৰক ইউএপিএৰ অধীনত সন্ত্রাসবাদী ঘোষণা ভাৰতৰ

July 4, 2026
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx