ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Fuel crisis I মাত্ৰ ৬ দিনৰ জমা, ভাৰতৰ তেল ভাণ্ডাৰত এক ভয়ংকৰ দুৰ্যোগৰ আশংকা

নিউজ ডেস্কঃ

Staff Reporter by Staff Reporter
March 26, 2026
Reading Time: 1 min read
A A
0
ইন্ধনৰ মূল্য হ্ৰাসৰ বাবে কৰ কমোৱাৰ চিন্তা কেন্দ্ৰৰ

New Logo Smal 2 | ASSAM TIMES POST

RELATED POSTS

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

Bangladeshi trespasser : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত তামিলনাডুত আটক ৫০

Mumbai Havy Rain : ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন মুম্বাই

বৰ্তমান বিশ্বৰ ৰাজনীতিত পশ্চিম এছিয়া এতিয়া কাৰ্যতঃ আগ্নেয়গিৰিৰ ওপৰত থিয় হৈ আছে। এফালে ইজৰাইল আৰু আমেৰিকাৰ সৈতে ইৰাণৰ প্ৰত্যক্ষ সংঘাত আৰু আনফালে লোহিত সাগৰ আৰু হৰমুজ প্ৰমালীৰ অস্থিৰতা- এই সকলোবোৰে বিশ্ব বজাৰত খাৰুৱা তেলৰ যোগান ব্যৱস্থাক (Fuel Crisis) চৰম অনিশ্চয়তাৰ সন্মুখীন কৰাইছে। এই অশান্ত পৰিস্থিতিত ভাৰতৰ শক্তি সুৰক্ষাৰ কংকালসদৃশ চেহেৰা পোহৰলৈ আহিছে।
Fuel crisis I
মাত্ৰ ৬ দিনৰ জমা, ভাৰতৰ তেল ভাণ্ডাৰত এক ভয়ংকৰ দুৰ্যোগৰ আশংকা:

ফাইনেন্সিয়েল এক্সপ্ৰেছৰ শেহতীয়া এক চাঞ্চল্যকৰ প্ৰতিবেদন অনুসৰি, ভাৰতৰ ষ্ট্ৰেটেজিক পেট্ৰ’লিয়াম ৰিজাৰ্ভ (SPR) বা জৰুৰীকালীন তেলৰ মজুতত বৰ্তমান যিখিনি জমা হৈ আছে, সেইখিনিৰে দেশ সৰ্বাধিক ৬ দিন চলি থকাটো সম্ভৱ। ভাৰতে প্রয়োজনীয় খাৰুৱা তেল প্রায় ৮৮ শতাংশ বিদেশৰ পৰা আমদানি কৰে৷ এই বিশাল আমদানিৰ এটা বৃহৎ অংশ অৰ্থাৎ প্ৰায় ৪০ শতাংশ কৌশলগতভাৱে গুৰুত্বপূৰ্ণ ‘হৰমুজ প্ৰণালী’ৰ জৰিয়তে আহে।

ইৰাণ আৰু ওমানৰ মাজৰ এই সংকীৰ্ণ সাগৰীয় পথটো এতিয়া যুদ্ধৰ বাবে কাৰ্যতঃ বন্ধ হোৱাৰ উপক্ৰম হৈছে। যদি কোনো কাৰণত এই পথত তৈল জাহাজৰ চলাচল বন্ধ হয়, তেন্তে ভাৰতৰ অৰ্থনীতিত ইয়াৰ প্ৰভাৱ ভয়াৱহ হ’ব। কিন্তু আশ্চৰ্যজনকভাৱে এনে সংকটৰ সময়ত দেশৰ জৰুৰীকালীন তেলৰ মজুত পূৰণ কৰাৰ পৰিৱৰ্তে কেন্দ্ৰই বাজেট আবণ্টন হ্ৰাস কৰিছে।

চৰকাৰী তথ্য অনুসৰি, ভাৰতৰ বিশাখাপট্টনম, মাংগালোৰ আৰু পাদুৰত ভূগৰ্ভস্থ বিশাল গুদাম বা মজুত ভাণ্ডাৰ আছে। এইবোৰ সম্পূৰ্ণকৈ পূৰণ হ’লে চাৰে ৯ দিনৰ বাবে দেশৰ তেলৰ চাহিদা পূৰণ কৰা সম্ভৱ।

কিন্তু পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছৰ ৰাজ্যিক মন্ত্ৰী সুৰেশ গোপীয়ে ৰাজ্যসভাত লিখিত উত্তৰত কয় যে বৰ্তমান এই মজুতসমূহৰ ক্ষমতাৰ মাত্ৰ ৬৪ শতাংশহে মজুত হৈ আছে। অৰ্থাৎ ৩৩.৭২ মিলিয়ন টন তেল এতিয়া চৰকাৰৰ হাতত আছে, যিটো বৰ্তমানৰ ব্যৱহাৰৰ ভিত্তিত মাত্ৰ ৬ দিনৰ বাবে যথেষ্ট।

এই তথ্য ইণ্ডিয়া টুডেৰ আৰ টি আই প্ৰতিবেদনতো নিশ্চিত কৰা হৈছে, য’ত উল্লেখ কৰা হৈছে যে ভাৰতৰ প্ৰকৃত নিৰাপত্তাৰ ভংগীমা এতিয়া ইয়াৰ সম্পূৰ্ণ সম্ভাৱনা ব্যৱহাৰ নকৰাৰ বাবে পূৰ্বতকৈ বহু দুৰ্বল। আটাইতকৈ চিন্তনীয় কথাটো হ’ল, কেন্দ্ৰীয় বাজেটত এই খণ্ডৰ বাবে আবণ্টন কৰ্তন।

চলিত বিত্তীয় বৰ্ষত য’ত ৫,৮৭৬ কোটি টকা এই কৌশলগত সংৰক্ষণ পূৰণ আৰু সম্প্ৰসাৰণৰ বাবে আবণ্টন দিয়া হৈছিল, চৰকাৰে মাত্ৰ ১,০৩৯ কোটি টকাহে ব্যয় কৰিবলৈ গৈ আছে। আনকি পৰৱৰ্তী বিত্তীয় বৰ্ষৰ বাবেও এই আবণ্টন মাত্ৰ ২০০ কোটি টকালৈ হ্ৰাস কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্য যিকোনো মুহূৰ্ততে আকাশলংঘী হ’ব পাৰে। তেনে ক্ষেত্ৰত কিয় এই ব্যয় সংকোচন বুলি বিশেষজ্ঞসকলে প্ৰশ্ন উত্থাপন কৰিছে।

ভাৰতৰ বৰ্তমানৰ ৬ দিনীয়া ‘জীৱন ৰেখা’ই দেশৰ কোটি কোটি লোকৰ শক্তিৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সক্ষম হ’বনে? যদিহে হৰমুজ প্ৰমালীৰ সংকট দীৰ্ঘদিন ধৰি থাকে, তেন্তে ঘৰুৱা বজাৰত পেট্ৰ’ল-ডিজেলৰ দাম আৰু দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি কি দিশলৈ যাব সেই লৈ ইতিমধ্যে আশংকাৰ ডাৱৰ সৃষ্টি হৈছে।

Tags: এক ভয়ংকৰ দুৰ্যোগৰ আশংকাভাৰতৰ তেল ভাণ্ডাৰতমাত্ৰ ৬ দিনৰ জমা
Share4Tweet3Send

Related Posts

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত
National-International

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

by News Desk
July 4, 2026
50
Bangladeshi trespasser : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত তামিলনাডুত আটক ৫০
National-International

Bangladeshi trespasser : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত তামিলনাডুত আটক ৫০

by News Desk
July 4, 2026
50
Mumbai Havy Rain : ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন মুম্বাই
National-International

Mumbai Havy Rain : ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন মুম্বাই

by News Desk
July 4, 2026
50
PM Modi : বৃহত্তম শক্তি সংকটৰ সফলতাৰে মোকাবিলা কৰিছে : ৰাজস্থানত ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে
National-International

PM Modi : বৃহত্তম শক্তি সংকটৰ সফলতাৰে মোকাবিলা কৰিছে : ৰাজস্থানত ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে

by News Desk
July 4, 2026
50
Gunfire at Kashi Vishwanath Temple : কাশী বিশ্বনাথ মন্দিৰত জোৱানৰ বন্দুকৰ পৰা ওলাল গুলী, আহত ৩
National-International

Gunfire at Kashi Vishwanath Temple : কাশী বিশ্বনাথ মন্দিৰত জোৱানৰ বন্দুকৰ পৰা ওলাল গুলী, আহত ৩

by News Desk
July 4, 2026
50
Hajo murder : পত্নীৰ হাতত প্ৰাণ গ’ল স্বামীৰ
National-International

Woman killed husband I স্বামীক হত্যা কৰি মজিয়াত পুতি থৈ ওপৰত লগালে টাইলছ, ৪৫ দিনৰ পিছত উদ্ধাৰ মৃতদেহ

by Staff Reporter
July 4, 2026
50
ADVERTISEMENT
Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar
Assam

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026
50
Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত
National-International

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

July 4, 2026
50
Bangladeshi trespasser : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত তামিলনাডুত আটক ৫০
National-International

Bangladeshi trespasser : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত তামিলনাডুত আটক ৫০

July 4, 2026
50
Mumbai Havy Rain : ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন মুম্বাই
National-International

Mumbai Havy Rain : ধাৰাসাৰ বৰষুণৰ ফলত জলমগ্ন মুম্বাই

July 4, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

Formalin Spill in Jatinga River Sparks Urgent Health Alert in Cachar

July 4, 2026
Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

Heat Wave : গ্ৰীষ্ম প্ৰৱাহৰ কৱলত আমেৰিকা : স্বাধীনতাৰ ২৫০ তম বাৰ্ষিকী উদযাপনৰ বহুতো অনুষ্ঠান বাতিল বা স্থগিত

July 4, 2026
Bangladeshi trespasser : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত তামিলনাডুত আটক ৫০

Bangladeshi trespasser : বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ সন্দেহত তামিলনাডুত আটক ৫০

July 4, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx