ASSAM TIMES POST
ডিফু :” হেলমেট এটা সৰু বস্তু ! এটা সৰু বস্তুৰ বাবে দূৰ্ঘটনাত পতিত হৈ বহুমূলীয়া জীৱনটো হেৰুৱা বহু দুখৰ বিষয়, জীৱনটোৰ মূল্য বুজিয়েই কাৰবি আংলং জিলা আৰক্ষীয়ে আজিৰে জিলাখনত ‘ হেলমেট ফৰ লাইফ কেম্পেইন শীৰ্ষক সজাগতা কাৰ্যসুচী আৰম্ভ কৰিছে ৷”
আজি ডিফু মাঞ্জা পথৰ ৰংনিহানত হেলমেট বিতৰণ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে কাৰবি আংলং জিলা উপ আৰক্ষী অধীক্ষক (মুখ্য) এন কৰিশ্মাই ৷ কাৰবি আংলং জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ উদ্যোগত সমগ্ৰ কাৰবি আংলং জিলাত হেলমেট ফৰ লাইফ কেম্পেইন আৰম্ভ কৰা হৈছে ৷
সেইমৰ্মে আজি জিলাখনৰ সদৰ চহৰ ডিফুৰ পৰা আৰম্ভ কৰি বোকাজান আৰু ডকমকাত এই কাৰ্যসূচী আৰম্ভ কৰা হৈছে ৷ কাৰবি আংলং জিলা আৰক্ষীৰ উদ্যোগত আৰু জিলা পৰিবহন বিষয়া কাৰ্যালয়ৰ এনফৰ্চমেণ্ট বিষয়া এচ এন বুইহাৰ আৰু ষ্টাফক আৰু ডিফু নগৰ আৰক্ষী চকীৰ যান- বাহন আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া মনজিৎ টেৰাংঙ আৰু ডিফু আৰক্ষীক লগতলৈ ডিফু – মাঞ্জা পথৰ ৰংনিহানত ‘ হেলমেট ফৰ লাইফ কেন্পেইন ‘ আৰম্ভ কৰি হেলমেটবিহীন যাত্ৰীৰ মাজত সজাগতাৰ সৃষ্টি কৰি জৰিমনাৰ লগতে ৩৫০ টকা নুন্যতম মূল্যৰ হেলমেট দিয়াৰ ব্যৱস্থা কৰা হয় ৷
অৱশ্যে কোনোবা হেলমেট বিহীন যাত্ৰীৰ লগত হেলমেটৰ মূল্য নাথাকিলে বিনামূলীয়াকৈ হেলমেট প্ৰদান কৰাৰ ব্যৱস্থা কৰা হয় ৷ আজিৰ হেলমেট বিতৰণ কাৰ্যসূচীত জিলা আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ লগতে কাৰবি আংলং জিলাৰ অতিৰিক্ত উপায়ুক্ত উপাসনা দত্ত উপস্থিত থাকে ৷ জিলা আৰক্ষীৰ এনে প্ৰচেষ্টাক সচেতন মহলে শলাগ লৈছে ৷