ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

নিউজ ডেস্কঃ

News Desk by News Desk
June 29, 2026
Reading Time: 1 min read
A A
0
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

New Logo Smal 3 | ASSAM TIMES POST

RELATED POSTS

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

Assam Announces Supplementary Exams for Higher Secondary Students

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

বাৰিষাৰ প্ৰথমটো বানৰ কবলত (Assam flood) ৰাজ্যৰ ৬ জিলা (6 districts)। জিলাকেইখনৰ ২০ হাজাৰোধিক লোক বানত আক্ৰান্ত হৈছে। বুৰ গৈছে খেতিপথাৰ, ঘৰ-বাৰী। আনহাতে, খহনীয়াৰ কবলত পৰিও বহু লোকৰ ভেটি-মাটি উছন হৈছে। তাৰ মাজতে ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰীৰ পৰা বুজ লয়। সোমবাৰে টেলিফোনযোগে অমিত শ্বাহে মুখ্যমন্ত্ৰীৰ পৰা শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত অৱগত হয়। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰিছে। লগতে বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে গৃহমন্ত্ৰীক অৱগত কৰে আৰু এই বিষয়ত তেওঁ কেন্দ্ৰৰ পৰা সম্ভাৱ্য সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়া বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰে।

মুখ্যমন্ত্ৰীয়ে পোষ্টটোত লিখিছে, ‘‘ধেমাজিৰ বানৰ পৰিপ্ৰেক্ষিতত মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীঅমিত শ্বাহ ডাঙৰীয়াই আজি টেলিফোনযোগে পৰিস্থিতিৰ বুজ লয়। তেখেতক বিতংভাৱে চলিত উদ্ধাৰ, সাহায্য আৰু পুনৰ্বাসন ব্যৱস্থাৰ বিষয়ে সবিশেষ জনোৱা হয়। এই সংকটময় সময়ত তেখেতে ভাৰত চৰকাৰৰ ফালৰ পৰা সকলোধৰণৰ সহায়-সহযোগিতাৰ আশ্বাস প্ৰদান কৰিছে। বানপীড়িত প্ৰতিজন লোকৰ সুৰক্ষা, সহায় আৰু পুনৰ্বাসনৰ ক্ষেত্ৰত চৰকাৰ সম্পূৰ্ণ দায়বদ্ধ। এই প্ৰাকৃতিক দুৰ্যোগৰ সৈতে আমি সকলোৱে মিলিত প্ৰচেষ্টাৰে মোকাবিলা কৰিম।’’

flood 1 | ASSAM TIMES POST
বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই,

উল্লেখ্য যে ৰাজ্যৰ প্ৰথমটো বানত আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে ধেমাজি জিলা। ধেমাজিৰ চিমেন নদীৰ ওপৰত থকা এখন ৰে’ল দলঙৰ এটা অংশ ভাঙি পৰা বুলিও উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ এগৰাকী বিষয়াই দেওবাৰে প্ৰকাশ কৰে।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি, ৰাজ্যৰ বানাক্ৰান্ত ছখন জিলা হৈছে ধেমাজি, নলবাৰী, ডিব্ৰুগড়, চিৰাং, লখিমপুৰ আৰু কোকৰাঝাৰ। এই জিলাকেইখনত মুঠ ২২,১২৪ জন লোক বানৰ কবলত পৰি ক্ষতিগ্ৰস্ত হৈছে। আনহাতে, আটাইতকৈ ক্ষতিগ্ৰস্ত ধেমাজি জিলাৰ ১৫,৪৮৩ জন লোক প্ৰভাৱিত হৈছে। ইয়াৰ উপৰি বানত ডুবিছে ৰাজ্যৰ ৯৬ খন গাঁও। আনহাতে, প্ৰায় ১৬৯০ হেক্টৰ শস্যভূমিও বানত ক্ষতিগ্ৰস্ত হৈছে।

Tags: AssamFlood
Share4Tweet3Send

Related Posts

Purnima Devi Barman I Community Powers Hargila Conservation in Assam
Assam

Purnima Devi Barman I Community Powers Hargila Conservation in Assam

by Staff Reporter
June 28, 2026
50
Assam Announces Supplementary Exams for Higher Secondary Students
Assam

Assam Announces Supplementary Exams for Higher Secondary Students

by News Desk
June 24, 2026
50
Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী
Assam

Assam flood : ৰাজ্যত ভয়াৱহ ৰূপ লৈছে বান পৰিস্থিতি; চৰকাৰৰ সতৰ্কবাণী

by News Desk
June 24, 2026
50
Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু
Assam

Wild Elephant dies I চাৰিদুৱাৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ কৰুণ মৃত্যু

by Staff Reporter
June 19, 2026
50
‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 
Assam

‎ট্ৰাইৰ ড্ৰাইভ টেষ্টত অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত পোহৰলৈ আহিছে নেটৱৰ্কৰ দুৰ্বলতা 

by Staff Reporter
June 17, 2026
50
Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured
Assam

Shocking Robbery in Assam’s Jogighopa I  Two Camera Operators Injured

by Staff Reporter
June 14, 2026
50
ADVERTISEMENT
Khamenei Funeral : ইৰাণৰ সৰ্বোচ্চ নেতাৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিব পৱিত্ৰ মাৰ্ঘেৰিটাই
National-International

Khamenei Funeral : ইৰাণৰ সৰ্বোচ্চ নেতাৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিব পৱিত্ৰ মাৰ্ঘেৰিটাই

June 29, 2026
50
Integrated Battle Group : জুলাই মাহৰ পৰা কাৰ্যকৰী হ’ব ভাৰতীয় সেনাৰ প্ৰথমটো ‘ইণ্টিগ্ৰেটেড বেটল গ্ৰুপ’
National-International

Integrated Battle Group : জুলাই মাহৰ পৰা কাৰ্যকৰী হ’ব ভাৰতীয় সেনাৰ প্ৰথমটো ‘ইণ্টিগ্ৰেটেড বেটল গ্ৰুপ’

June 29, 2026
50
Ketan Agarwal murder case : বিয়াৰ বজাৰৰ নামত ১ কোটি লৈ ঘাতক প্ৰেমকাই দিছিল গোপন প্ৰেমিকক
National-International

Ketan Agarwal murder case : বিয়াৰ বজাৰৰ নামত ১ কোটি লৈ ঘাতক প্ৰেমকাই দিছিল গোপন প্ৰেমিকক

June 29, 2026
50
Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে
Assam

Assam flood : বানত ককবকাইছে ৰাজ্যৰ ৬ জিলাৰ সহস্ৰাধিক বানাক্ৰান্তই, ফোনযোগে খবৰ ল’লে গৃহমন্ত্ৰী অমিত শ্বাহে

June 29, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Khamenei Funeral : ইৰাণৰ সৰ্বোচ্চ নেতাৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিব পৱিত্ৰ মাৰ্ঘেৰিটাই

Khamenei Funeral : ইৰাণৰ সৰ্বোচ্চ নেতাৰ অন্ত্যেষ্টিক্ৰিয়াত ভাৰতক প্ৰতিনিধিত্ব কৰিব পৱিত্ৰ মাৰ্ঘেৰিটাই

June 29, 2026
Integrated Battle Group : জুলাই মাহৰ পৰা কাৰ্যকৰী হ’ব ভাৰতীয় সেনাৰ প্ৰথমটো ‘ইণ্টিগ্ৰেটেড বেটল গ্ৰুপ’

Integrated Battle Group : জুলাই মাহৰ পৰা কাৰ্যকৰী হ’ব ভাৰতীয় সেনাৰ প্ৰথমটো ‘ইণ্টিগ্ৰেটেড বেটল গ্ৰুপ’

June 29, 2026
Ketan Agarwal murder case : বিয়াৰ বজাৰৰ নামত ১ কোটি লৈ ঘাতক প্ৰেমকাই দিছিল গোপন প্ৰেমিকক

Ketan Agarwal murder case : বিয়াৰ বজাৰৰ নামত ১ কোটি লৈ ঘাতক প্ৰেমকাই দিছিল গোপন প্ৰেমিকক

June 29, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx