
পাকিস্তানত ভয়ংকৰ দুৰ্ঘটনা (Terrible accident in Pakistan)। এখন বাছ বেলুচিস্তান-খাইবাৰ পাখতুনখোৱা সীমান্তৰ ওচৰত এটা খাদত বাগৰি পৰে। দুৰ্ঘটনাটোত অতি কমেও ৪০ জন লোকৰ মৃত্যু (40 people died) হয়। লগতে আঠজন গুৰুতৰভাৱে আহত হয়। প্ৰতিবেদন অনুসৰি, বাছখন কোৱেটাৰ পৰা পেশ্বাৱাৰলৈ তীব্ৰ গতিত গৈ আছিল। বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই গভীৰ খালত পৰি যায়।
জানিব পৰা মতে বাছখনত মুঠ ৪৮ জন যাত্ৰী আছিল। যিটো বাছত যাত্ৰীৰ সংখ্যা বহুত বেছি। সেইবাবেই বাছখনে দূৰৱৰ্তী অঞ্চলটোৰ মাজেৰে পাৰ হ’বলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাইছিল। ফলস্বৰূপে, বাছখন খালত পৰি যায়। স্থানীয় প্ৰশাসনে ততাতৈয়াকৈ অঞ্চলটোত উপস্থিত হয়। এখন এম্বুলেন্সো আহি পায়হি।

খাইবাৰ পাখতুনখোৱা উদ্ধাৰকাৰী দলে পিছত আনসকলৰ সৈতে উদ্ধাৰ কাৰ্যত যোগ দিয়ে৷ আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ঘটনাস্থলীৰ পৰা মৃতদেহবোৰ উদ্ধাৰ কৰা হৈছে। বাছখনত ৩৬ জন যাত্ৰী আছিল।
কিন্তু আন এখন বাছ বিকল হোৱাৰ ফলত ১২ জন লোকক এই বাছখনত লৈ যোৱা হৈছিল। অতিৰিক্ত যাত্ৰীৰ বাবে বাছখনে সহজে নিয়ন্ত্ৰণ হেৰুৱাইছিল। এই সন্দৰ্ভত তদন্ত কৰি থকা হৈছে। উল্লেখ্য যে মাৰ্চ মাহৰ প্ৰথম দিনটোত পাকিস্তান এটা ডাঙৰ দুৰ্ঘটনাৰ সাক্ষী হৈছিল। শ্ৰেণী পাঠদান চলি থকাৰ সময়ত প্ৰশিক্ষণ কেন্দ্ৰৰ চাল খহি পৰাৰ ফলত অতি কমেও ১৪ জন শিশুৰ মৃত্যু হৈছিল। এই শোকাৱহ ঘটনাটো সংঘটিত হৈছিল পাকিস্তানৰ লাহোৰত। আন ৯ জন লোক আহত হৈছিল।









