
প্ৰাক্তন সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেইনীক (Ayatollah Khamenei funeral) অন্তিম শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময়ত কান্দোনত ভাগি পৰে ইৰাণৰ নেতৃত্ব। শুকুৰবাৰে প্ৰকাশ্যে কান্দি থকা দেখা গ’ল ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচি আৰু সংসদৰ অধ্যক্ষ মহম্মদ বাকৰ কালিবাফক। আন কিছুমানেও নিজৰ মৰমৰ নেতাজনক বিদায় দি চকুলো টোকে।

খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত পাকিস্তানৰ কেইবাজনো নেতা-মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে। ইয়াৰ ভিতৰত আছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ আৰু সেনাপ্ৰধান ফিল্ড মাৰ্শ্বেল আচিম মুনিৰ। এই অনুষ্ঠানলৈ ভাৰতৰ পৰা দুজন প্ৰতিনিধি প্ৰেৰণ কৰা হৈছে । কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু বিহাৰৰ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল চৈয়দ আতা হাছনাইন।
ইৰাণত থকা ভাৰতীয় দূতাবাসে ছ’চিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে খামেইনীক শ্ৰদ্ধাঞ্জলি জনায়। পোষ্টটোত ভাৰতৰ কেইবাজনো নেতাই শ্ৰদ্ধাঞ্জলি জনোৱাৰ ছবি সন্নিবিষ্ট কৰা হৈছে। এই ছবিত জম্মু-কাশ্মীৰৰ পিডিপি নেত্ৰী মেহবুবা মুফতি আৰু কংগ্ৰেছ নেতা ছলমান খুৰ্শিদে শ্ৰদ্ধাঞ্জলি জনোৱা দেখা গৈছে।
ইৰাণৰ ফাৰ্চ নিউজ এজেন্সীৰ এক প্ৰতিবেদন অনুসৰি, তেহৰাণৰ গৱৰ্ণৰে কয় যে খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াৰ বাবে সৰ্বোচ্চ পৰ্যায়ৰ নিৰাপত্তা আৰু সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে।
শনিবাৰে পুৱা ৬ বজাত তেহৰাণৰ প্ৰাৰ্থনা হলৰ দুৱাৰ মুকলি কৰা হ’ব। ইয়াৰ পিছত সাধাৰণ ৰাইজে গৈ নিজৰ মৰমৰ নেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জনাব পাৰিব। এই প্ৰক্ৰিয়া অহা সোমবাৰলৈকে চলি থাকিব। খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়া উপলক্ষে বাগদাদ চহৰ সম্পূর্ণৰূপে বন্ধ কৰি দিয়া হ’ব৷
খামেনীইৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠানত ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানো উপস্থিত থাকে। তুৰ্কমেনিস্তান, ৰাছিয়া, ইৰাক, আৰ্মেনিয়াৰ প্ৰতিনিধিয়েও এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। বাংলাদেশ, ওমান, উজবেকিস্তান, আজাৰবাইজান, বেলাৰুছ, কিৰ্গিস্তানৰ সংসদৰ অধ্যক্ষ, নিকাৰাগুয়া আৰু কংগোৰ বৈদেশিক মন্ত্ৰী আৰু ইজিপ্তৰ চেনেটৰ ৰাষ্ট্ৰপতিও খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত থাকে।
তুৰস্ক, চৌদি আৰব আদি বহু দেশে ইৰাণলৈ প্ৰতিনিধি প্ৰেৰণ কৰিছে। ইৰাণৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলৰ আগ্ৰাসনক সমৰ্থন কৰা দেশসমূহক খামেইনীৰ অন্ত্যেষ্টিক্ৰিয়ালৈ নিমন্ত্ৰণ কৰা হোৱা নাই বুলি তেহৰানে প্ৰকাশ কৰিছে।
ইৰাণে আশা কৰিছে যে ৰাজধানীত ১.৫ কোটিৰ পৰা ২ কোটি লোক সমবেত হৈ প্ৰাক্তন সৰ্বোচ্চ নেতাগৰাকীক শেষ শ্ৰদ্ধাঞ্জলি জনাব। সেই অনুসৰি প্ৰাৰ্থনাস্থলীৰ ব্যৱস্থা কৰা হৈছে। ৯ জুলাইত মাছহাদ চহৰত সমাধিস্থ কৰা হ’ব খামেইনীক।










