ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home National-International

Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

Staff Reporter by Staff Reporter
July 7, 2026
Reading Time: 1 min read
A A
0
Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

New Logo Smal | ASSAM TIMES POST

RELATED POSTS

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

তেলেংগানাস্থিত ষ্টাৰ্টআপ দীপা ডিফেন্সৰ দ্বাৰা নিৰ্মিত অটোমেটিক ৰাইফল ‘উগ্ৰম’ কাৰ্যক্ষম পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈছে। ভাৰতীয় প্ৰতিৰক্ষা গৱেষণা সংস্থা (ডিফেন্স ৰিছাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন বা ডি আৰ ডি অ’)ৰ সহযোগত মাত্ৰ ১০০ দিনৰ ভিতৰতে নিৰ্মাণ কৰা এই এছাল্ট ৰাইফলটোৱে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ বিশেষজ্ঞসকলে কৰা ভাৰতীয় সেনাৰ ‘জেনেৰেল ষ্টাফ কোৱালিটেটিভ ৰিকুৱাৰমেণ্ট (জি এছ কিউ আৰ) ট্ৰায়েল’ৰ ‘ব’ৰ্ড ট্ৰায়েল’ত সকলো বতৰত সফলতাৰে উত্তীৰ্ণ হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

Indian Army I
সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ:

ডি আৰ ডি অ’ৰ সহযোগী প্ৰতিষ্ঠান আৰ্মমেণ্ট ৰিছাৰ্চ এণ্ড ডেভেলপমেণ্ট এষ্টাব্লিছমেণ্টৰ (আৰ ডি ই) প্ৰাৰম্ভিক ডিজাইনৰ আধাৰত নিৰ্মাণ কৰা এই ৭.৬২ মিলিমিটাৰ ব’ৰ অটোমেটিক ৰাইফলটো কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী আৰু বিভিন্ন ৰাজ্যিক আৰক্ষী বাহিনীৰ বিদ্ৰোহ বিৰোধী বাহিনীৰ (বিশেষ বাহিনী) প্ৰয়োজনীয়তাক মনত ৰাখি প্ৰস্তুত কৰা হৈছে। এই ৫১ কেলিবাৰ ৰাইফলৰ ৰেঞ্জ ৫০০ মিটাৰ আৰু ই অটোমেটিক মোডত দ্ৰুতগতিত গুলী চলাব পাৰে।

বৰ্তমান অৰ্ধসামৰিক বাহিনীৰ মূল অস্ত্ৰ হৈছে ৫.৫৬ মিমি ইনছাছ। থলুৱা প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মিত ইনছাছ ৰাইফলৰ কাৰ্যকৰী ৰেঞ্জ ৪০০ মিটাৰ। কিন্তু ইয়াৰ তুলনামূলকভাৱে লঘু গুলীৰ মাৰাত্মকতা কম বুলি অভিযোগ উত্থাপন হৈছে। গৃহ মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি, ৭.৬২ মিঃমিঃৰ ‘উগ্ৰম’ উক্ত ব্যৱধান পূৰণ কৰিবলৈ সক্ষম হ’ব।

দীপা ডিফেন্সৰ বিষয়া শ্বিবু জোচেফে কয় যে তেওঁলোকৰ কোম্পানীয়ে ২০২১ চনত ‘উগ্ৰম’ উৎপাদনৰ অনুজ্ঞাপত্ৰ লাভ কৰিছিল আৰু তাৰ পিছত হায়দৰাবাদৰ সমীপত তেলেংগানা চৰকাৰে আবণ্টন দিয়া ১৩ একৰ মাটিত পূৰ্ণাংগ উৎপাদন কেন্দ্ৰ স্থাপন কৰিছে।

উল্লেখ্য যে ২০২৪ চনৰ জানুৱাৰী মাহত ডি আৰ ডি অ’ৰ ‘আৰ্মমেণ্ট এণ্ড কম্বেট ইঞ্জিনিয়াৰিং’ (এ চি ই)ৰ সঞ্চালক প্ৰধান শৈলেন্দ্ৰ গড়ে প্ৰথমে ‘উগ্ৰম’ক জনসাধাৰণৰ মাজলৈ আনিছিল। তেওঁ কয় যে মাত্ৰ ১০০ দিনৰ কষ্টত এই ৰাইফলটো নিৰ্মাণ কৰা হৈছে। ইয়াৰ পিছত ৰাইফলৰ ফলপ্ৰসূতা পৰীক্ষা আৰম্ভ হয়। ডেৰ-দুবছৰ ধৰি চলি থকা পৰীক্ষাত উত্তীৰ্ণ হৈছে ‘উগ্ৰম’।

বৰ্তমান ভাৰতীয় সেনাৰ পদাতিক বাহিনীয়ে মূলতঃ ৰাছিয়াৰ সৈতে যৌথ উদ্যোগত নিৰ্মাণ কৰা এ কে ২০৩ ৰাইফল ব্যৱহাৰ কৰে। কালাছনিকভ ছিৰিজৰ শেহতীয়া সংস্কৰণটো সকলো ধৰণৰ বতৰতে অতি ফলপ্ৰসূ। উত্তৰ প্ৰদেশৰ আমেথিত এই ৰাইফল উৎপাদনৰ কাৰখানা স্থাপন কৰা হৈছে।

কিন্তু কিছুমান বাতৰিত দাবী কৰা হৈছে যে বিগত চাড়ে চাৰি বছৰ ধৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত হোৱা যুদ্ধই এ কে-২০৩ৰ উৎপাদনত প্ৰভাৱ পেলাইছে। ‘উগ্ৰম’ৰ গেছ চালিত ‘ঘূৰ্ণনশীল বল্ট ব্যৱস্থা’ৰ ওজন চাৰি কিলোগ্ৰামতকৈও কম। ফলত বি এছ এফ, চি আৰ পি এফ, আই টি বি পিৰ সেনাই দুৰ্গম পাহাৰীয়া অঞ্চলতো ইয়াক সহজে কঢ়িয়াই নিব পাৰে।

Tags: দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণসন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’
Share4Tweet3Send

Related Posts

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ
National-International

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

by Staff Reporter
July 7, 2026
50
Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ
National-International

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

by News Desk
July 6, 2026
50
Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল
National-International

Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

by News Desk
July 6, 2026
50
Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ
National-International

Modi’s visit : ইণ্ডোনেছিয়া, অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড ভ্ৰমণ আৰম্ভ প্ৰধানমন্ত্ৰী মোদীৰ

by News Desk
July 6, 2026
50
Tirumala Temple : ১১৬ বছৰীয়া মহিলাই ৩,৫৫০ টা খটখটী অতিক্ৰম কৰি তিৰুমালা মন্দিৰত আগবঢ়ালে পূজা : সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল
National-International

Tirumala Temple : ১১৬ বছৰীয়া মহিলাই ৩,৫৫০ টা খটখটী অতিক্ৰম কৰি তিৰুমালা মন্দিৰত আগবঢ়ালে পূজা : সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল

by News Desk
July 6, 2026
50
Election expenses of the leftist MP : বাওঁপন্থীসকল মাত্ৰ ৪, ৫ হাজাৰ টকাতে… : কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু
National-International

Election expenses of the leftist MP : বাওঁপন্থীসকল মাত্ৰ ৪, ৫ হাজাৰ টকাতে… : কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু

by News Desk
July 6, 2026
50
ADVERTISEMENT
Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ
National-International

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

July 7, 2026
50
Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ
National-International

Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

July 7, 2026
50
Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ
National-International

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

July 6, 2026
50
Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল
National-International

Hafiz Saeed : ২৬/১১ৰ মাষ্টাৰমাইণ্ড হাফিজ ছয়ীদ পহেলগাম আক্ৰমণত জড়িত আছিল, লস্কৰৰ মুৰব্বীৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিল

July 6, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

Ram Mandir controversy I ৰাম মন্দিৰৰ প্ৰণামী চুৰিকাণ্ড, চম্পত ৰায়ৰ পদত্যাগ গ্ৰহণ ট্ৰাষ্টৰ

July 7, 2026
Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

Indian Army I সন্ত্ৰাসবাদ প্ৰতিহত কৰিবলৈ সাজু ‘উগ্ৰম’, দেশীয় অটোমেটিক ৰাইফলৰ সফল পৰীক্ষণ

July 7, 2026
Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

Adani Group : ড্ৰ’নৰ পিছত এইবাৰ আদানীয়ে সেনাবাহিনীক যোগান ধৰিব ক্ষেপণাস্ত্ৰ

July 6, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx