
জম্মু-কাশ্মীৰৰ শ্বোপিয়ানত (Shopian in Jammu and Kashmir) সেনাৰ সৈতে (With the army) হোৱা এনকাউণ্টাৰত (Encounter) নিহত লস্কৰ-ই-তৈবাৰ (deceased Lashkar-e-Taiba) সন্ত্ৰাসবাদী নেতা জাকিৰ ঘানী (Terrorist leader Zakir Ghani)। যোৱা ৩ জুলাইৰ পৰা সেনা-আৰক্ষীয়ে জাকিৰৰ সন্ধানত অভিযান চলাইছিল। বুধবাৰে পুৱা মিমাণ্ডাৰ অঞ্চলৰ এখন অৰণ্যত তেওঁৰ অৱস্থান ধৰা পৰাত সেনাই ঘেৰাও কৰে। ইয়াৰ পিছতে আৰম্ভ হয় সংঘৰ্ষ।
সেনাৰ সূত্ৰ অনুসৰি, জাকিৰ ‘ম’ষ্ট ৱাণ্টেড’ সন্ত্ৰাসবাদীৰ তালিকাত আছিল। তেওঁ কুলগামৰ বাসিন্দা। ২০২৪ চনত লস্কৰ সন্ত্ৰাসবাদী সংগঠনত যোগদান কৰা জাকিৰে মূলতঃ দক্ষিণ কাশ্মীৰত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাইছিল। ৩ জুলাইত মীমান্দাৰ অঞ্চলত কেইবাজনো সন্ত্ৰাসবাদীয়ে আশ্ৰয় লোৱাৰ তথ্য লাভ কৰি সেনাই অভিযান আৰম্ভ কৰে। সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি চলাই আছিল এক তালাচী অভিযান।

সেনাৰ সূত্ৰ অনুসৰি, বুধবাৰে পুৱা সন্ত্ৰাসবাদীৰ আত্মগোপন কৰা স্থান উদ্ধাৰ হয়। ইয়াৰ পিছতে সেনাবাহিনীয়ে ঘেৰি ধৰে আত্মগোপনস্থলী। সেই সময়ত লস্কৰ নেতাজন তাতেই আছিল। দুয়োপক্ষৰ মাজত কেইবাজাঁয়ো গুলীয়াগুলী হয়। এটা সময়ত সেনাবাহিনীয়ে কিছু সময়ৰ বাবে জাকিৰক শ’লঠেকত পেলায় আৰু সেনাৰ গুলীচালনাত নিহত হয়।
৩ জুলাইত সেনাবাহিনীৰ কেমেৰাত দেখা গৈছিল দুজন সন্ত্ৰাসবাদী। ইয়াৰ পিছতে সন্ত্ৰাসবাদীক বিচাৰি মীমাণ্ডাৰ অঞ্চলত তালাচী আৰম্ভ হয়। কিন্তু পাহাৰীয়া অঞ্চল আৰু জংঘলৰ সুযোগ লৈ সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰিছিল। বিগত চাৰিদিন ধৰি সন্ত্ৰাসবাদী দুজনৰ সন্ধানত পুংখানুপুংখ তালাচী চলি আছিল। অৱশেষত বুধবাৰে উদ্ধাৰ হয় আত্মগোপনৰ স্থান। অৱশ্যে আনজন সন্ত্ৰাসবাদীৰ কোনো সম্ভেদ পোৱা হোৱা নাই। তেওঁৰ সন্ধানত অভিযান চলি আছে।











