ASSAM TIMES POST
No Result
View All Result
  • Login
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home Assam

HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

নিউজ ডেস্কঃ

News Desk by News Desk
July 10, 2026
Reading Time: 2 mins read
A A
0
HBS 2.0 Budget : বাজেটে অসমবাসীক কি দিলে

New Logo Smal 1 | ASSAM TIMES POST

RELATED POSTS

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

শুকুৰবাৰে বিধানসভাত উত্থাপন কৰা হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়টো কাৰ্যকালৰ চৰকাৰৰ প্ৰথমখন পূৰ্ণাংগ বাজেট (Assam Govt. first full budget)। বিত্তমন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে বিধানসভাৰ মজিয়াত বাজেট উত্থাপন কৰে জয়ন্ত মল্লবৰুৱা (Jayanta Mallabarua)ই। পলকতে এবাৰ চাওঁ আহক বাজেটে অসমবাসীক কি দিলে :

– ২০২৬-২৭ বৰ্ষৰ ৪১৯.২৬ কোটি টকাৰ ঘাটি বাজেট উত্থাপন বিত্তমন্ত্ৰীৰ
– বাজেটত ৰাজ্যৰ মুঠ ৰাজ্যিক ঘৰুৱা উৎপাদনৰ ৩ শতাংশ বিত্তীয় ঘাটি লক্ষ্য নিৰ্ধাৰণ
– ২০২৬-২৭ বিত্তীয় বৰ্ষত ৰাজ্যখনৰ একত্ৰিকৃত নিধিত মুঠ ১৫১৮৪৩.২৩ কোটি প্ৰাপ্তিৰ ১১৮৫৬২.২৩ কোটি ৰাজহ আৰু বাকী ৩৩,২৮১ কোটি মূলধন শিতানত লাভ
– সৰ্বমুঠ আদায়ৰ পৰিমাণ ২৮৮৩০৯.৪৫ কোটি
– ৰাজহুৱা শিতানত ব্যয় ১২৬৩৬৯.৫৭ কোটি
– বছৰটোৰ সৰ্বমুঠ ব্যয়ৰ প্ৰাককলন ২৮৫০৮৪.৪৫ কোটি
– আনুমানিক ৰাহি ৩২২৫ কোটি
– বিগত ৫ বছৰত ১.৬৪ লাখ নিযুক্তি
– এইবাৰ ২ লাখ চৰকাৰী নিযুক্তিৰ লক্ষ্য
– বহুবিবাহ কৰোৱা কোনো পুৰুষে চৰকাৰী কল্যাণমূলক আঁচনি নাপাব
– ‘অসম সেৱা (অনুশাসন আৰু আবেদন) নিয়মাৱলী, ১৯৬৪’ ৰ সংশোধনৰ প্ৰস্তাৱ
– ইয়াৰ ফলত বহু বিবাহ কৰোৱা চৰকাৰী কৰ্মচাৰীক আইন মতে চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ব
– আগষ্ট মাহৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন
– ‘অৰুণোদয় প্লাছ’ আঁচনিৰ জৰিয়তে শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিৰ ধন আৰু বিধৱা পেঞ্চন আঁচনি প্ৰদানৰ প্ৰতিশ্ৰুতি
– ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ ৰেচনকাৰ্ডধাৰী সকলে আগষ্ট মাহৰ পৰা লাভ কৰিব ৰেহাই মূল্যৰ মচুৰ দাইল-চেনি
– নিবনুৱা স্নাতক ডিগ্ৰীধাৰীক মাহে ২৫০০ টকাকৈ প্ৰদানৰ জীৱন প্ৰেৰণা আঁচনি ছেপ্টেম্বৰৰ পৰা পুনৰ আৰম্ভ
– এইবাৰ ডঃ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত প্ৰায় ১৮০০০ শিক্ষাৰ্থীয়ে স্কুটী লাভ কৰিব
– অহা বৰ্ষৰ পৰা বন্ধ কৰিব স্কুটী বিতৰণ প্ৰক্ৰিয়া
– উক্ত ধন নিযুত মইনা আৰু নিযুত বাবু আঁচনিত ব্যয় কৰা হ’ব
– সত্ৰৰ ৬২১ গৰাকী উদাসীন ভকতক আগষ্ট মাহৰ পৰা মাহিলি ১৫০০ টকাকৈ প্ৰদানৰ সিদ্ধান্ত
– ‘মুখ্যমন্ত্ৰীৰ কৃষি সা-সঁজুলি যোজনা’ৰ অধীনত ক্ষুদ্ৰ আৰু উপান্ত কৃষকলৈ সাহায্য প্ৰদান
– এই আঁচনিৰ অধীনত পিএম-কিষাণ আঁচনিৰ সৈতে যোগ্য ক্ষুদ্ৰ আৰু উপান্ত কৃষকক বছৰি ১১০০০ টকাকৈ আৰ্থিক সাহায্য

– অনুসূচিত জাতি, অনুসূচিত জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী, চাহ জনগোষ্ঠী, আদিবাসী সম্প্ৰদায় আৰু দিব্যাংগ মেধাৱী শিক্ষাৰ্থীক জলপানি, শৈক্ষিক উদগনি আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ সাহায্য

bud | ASSAM TIMES POST
অসমৰ বাজেট ২০২৬-২৭ বৰ্ষৰ

– ২০২৬-২৭ বিত্তীয় বৰ্ষত এই আঁচনিত প্ৰায় ৩৭৫০০০ গৰাকী ছাত্ৰ-ছাত্ৰীক সামৰি লোৱা হ’ব
– চাহ বাগিচাৰ গৰ্ভৱতী মহিলা শ্ৰমিকলৈ ১৫০০০ টকাৰ আৰ্থিক সাহায্য
– এইচ আই ভি আক্ৰান্ত পৰিয়াললৈ সাহায্য
– এইডছ আক্ৰান্ত শিশু আৰু এইডছত প্ৰাণ হেৰুওৱা ৰোগীৰ বিধৱা পত্নীলৈ ১ লাখ টকাকৈ সাহায্য
– অসম মালাৰ ৪.০ ৰ অধীনত আগন্তুক পাঁচ বছৰত আনুমানিক ১০ হাজাৰ কোটি ব্যয়ৰ লক্ষ্য
– প্ৰায় ৮০০ কিলোমিটাৰ উন্নতমানৰ পথ নিৰ্মাণৰ লক্ষ্য
– ভাৰত চৰকাৰৰ সহযোগত ৫৫ হাজাৰ কোটিতকৈও অধিক ব্যয়েৰে গুৱাহাটী ৰিং ৰোড, গ্ৰীণফিল্ড শিলচৰ হাই স্পীড কৰিড’ৰ, কাজিৰঙা এলিভেটেড কৰিড’ৰ আৰু গহপুৰ-নুমলীগড় সংযোগী ব্ৰহ্মপুত্ৰ সুৰংগ নিৰ্মাণ
– ভাৰত চৰকাৰৰ সহযোগত ১৩,৮১২ কোটি টকা ব্যয়েৰে বাইহাটা চাৰিআলি-তেজপুৰৰ মিছন চাৰিআলিলৈকে চাৰিলেনযুক্ত পথ নিৰ্মাণ
– গুৱাহাটী বিমানবন্দৰৰ পৰা জালুকবাৰীলৈ ৩.৪২৩ কোটি টকা ব্যয়েৰে এলিভেটেড কৰিড’ৰ
-মৰিগাঁও-দৰং সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন দলং
– প্ৰায় ১৪০০ কোটি টকা ব্যয়েৰে নিৰ্মিত যোৰহাট-মাজুলী দলং, ৩১৯৭ কোটি টকা ব্যয়সাপেক্ষ পলাশবাৰী-শুৱালকুছি দলং, ৪৯৯৭ কোটি টকা ব্যয়সাপেক্ষ ধুবুৰী-ফিল’বাৰী দলঙৰ কাম ২০২৭ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ’ব
– জলবিদ্যুৎ, সৌৰশক্তি, তাপবিদ্যুৎ আৰু শক্তি সংৰক্ষণ প্ৰকল্পত ৭৭,৩৫৩ কোটিৰো অধিক বিনিয়োগৰ পৰিকল্পনা
– প্ৰায় ৩০০০-৪০০০ কোটি ব্যয়েৰে বৰাক, সোৱণশিৰি, মানাহ, বেঁকী, পুঠিমাৰী, জীয়াভৰলী, ধনশিৰি, কপিলী আদি নদীত জলসিঞ্চনৰ পৰীক্ষা
– চাহৰ ৰপ্তানি বৃদ্ধিৰ বাবে অৰ্থডক্স আৰু বিশেষ শ্ৰেণীৰ চাহত মাট্চা চাহক অন্তৰ্ভুক্ত
– অৰ্থডক্স আৰু বিশেষ চাহ উৎপাদনত ৰাজসাহায্য প্ৰতি কেজিত ১০ টকাৰ পৰা ১৫ টকালৈ বৃদ্ধি
– চিটিচি চাহৰ প্ৰতি কেজিত ৩ টকাকৈ নতুন ৰাজসাহায্য
– প্ৰতিটো উপ-স্বাস্থ্য কেন্দ্ৰত এগৰাকীকৈ এমবিবিএছ চিকিৎক নিযুক্তি
– অসমত ১৪ খন চিকিৎসা মহাবিদ্যালয় আছে, বৰ্তমান ১০ খনৰ নিৰ্মাণ কাৰ্য চলি আছে, চাৰিখন স্থাপনৰ প্ৰস্তাৱ লোগ্ৰহণ
– এখন জিলাত এখন বিশ্ববিদ্যালয়, এখন চিকিৎসা মহাবিদ্যালয়, এখন অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ লক্ষ্য
– মিছন বসুন্ধৰা ৪.০ৰ জৰিয়তে বৰাক উপত্যকা, মৰাণ, মটক, আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু অন্যান্য খিলঞ্জীয়া জনগোষ্ঠীক ভূমিৰ অধিকাৰ প্ৰদানৰ ব্যৱস্থা
– মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ অধীনত প্ৰায় ১ লাখ হিতাধিকাৰীক সুতবিহীন ঋণ প্ৰদান
– বাকী যোগ্য হিতাধিকাৰীৰ বাবে এইবছৰ ৫০০ কোটি টকা আৱণ্টন
– চৰকাৰী কৰ্মচাৰীৰ বাবে আপোন ঘৰ আৰু আপোন বাহন আঁচনিৰ ম্যাদ পাঁচ বছৰলৈ বৃদ্ধিৰ প্ৰস্তাৱ
– বৈদ্যুতিক বাহনত সুতৰ ৰাজসাহায্য ৪ শতাংশলৈ বৃদ্ধি
– চৰকাৰী কৰ্মচাৰীলৈ পিতৃত্বকালীন ছুটি, দুসপ্তাহৰ বাবে লাভ কৰিব এই ছুটি
– ২০১৭ চনৰ ১ এপ্ৰিলৰ পিছত চাকৰিত যোগদান কৰা আৰু যোগদানৰ এবছৰৰ ভিতৰত কৰ্মৰত অৱস্থাত মৃত্যুবৰণ কৰা কৰ্মচাৰীৰ পৰিয়ালক ৫০ শতাংশ পেঞ্চনৰ সুবিধা
– বিধায়ক উন্নয়ন পুঁজি ২০২৬-২৭ বৰ্ষৰ বাবে ১.৫ কোটি টকালৈ বৃদ্ধি, ২০২৭-২৮ বৰ্ষৰ পৰা ২ কোটি
– আগন্তুক পাঁচ বছৰত খোৱাপানী যোগান আন্তঃগাঁথনি উন্নয়নৰ বাবে বেংক সাহায্য গ্ৰহণৰ লক্ষ্য
– ২০৩০-৩১ বৰ্ষৰ ভিতৰত অসমত মৎস্য উৎপাদন ১০ লাখ মেট্ৰিক টনলৈ বৃদ্ধিৰ লক্ষ্য
– কণীৰ উৎপাদন ৬০ লাখলৈ বৃদ্ধিৰ লক্ষ্য
– দুগ্ধ উৎপাদনৰ বাবে ৫০০ কোটি টকাৰ দুগ্ধ সম্প্ৰসাৰণ অভিযান
– মাংসৰ উৎপাদন বৃদ্ধিৰ বাবে হাঁহ-কুকুৰা, গাহৰি পালন ব্যৱস্থা উন্নত কৰাৰ লক্ষ্য
– ড’নাৰ মন্ত্ৰণালয়ৰ সহযোগত অসম চৰকাৰৰ ৪০০ কোটি ব্যয়েৰে ‘মিছন চেনেহজৰী’ নামৰ তিনি বছৰীয়া পদক্ষেপ
– ৮.৪৪ কোটি ব্যয়েৰে ঢকুৱাখনাত মুগা ৰেচম পৰ্যটন উদ্যান
– ১০ কোটি ব্যয়েৰে ধেমাজিত মুগা স্পান মিল স্থাপন
– ২০২৮ চনৰ ভিতৰত আধুনিক সূতা-কটা আন্তঃগাঁথনি স্থাপনৰ লক্ষ্য
– মুগা উৎপাদকসকলৰ ১১৮০ টা ফাৰ্মাৰ্ছ ইণ্টাৰেণ্ট গ্ৰুপ আৰু ৩০ টা কৃষক উৎপাদক সংস্থা স্থাপনৰ লক্ষ্য
– গুৱাহাটীত ভূগৰ্ভস্থ বৈদ্যুতিক নেটৱৰ্ক স্থাপনৰ বাবে ২৫০০ কোটিৰ প্ৰকল্প
– প্ৰথম পৰ্যায়ত পাঁচটা অঞ্চল সামৰি আৰডিএছএছ আঁচনিৰ অধীনত ২০০ কোটিৰ ব্যয়ৰ লক্ষ্য
– এই পাঁচটা হৈছে পল্টন বজাৰ স্কোৱেৰ, পল্টন বজাৰৰ পৰা ভৰলুমুখলৈ এ টি ৰোড, ভৰলুমুখৰ পৰা পদুমপুখুৰীলৈ এম জি ৰোড, পল্টন বজাৰৰ পৰা জিএমচিএইচ লৈ জি এছ ৰোড, ভঙাগড়ৰৰ পৰা অসম সচিবালয়লৈ জি এছ ৰোড
– গুৱাহাটীত ৰিং ৰোডৰ কাষেৰে মেট্ৰ’ ৰে’ল লাইন স্থাপনৰ পৰ্যালোচনা
– উপগ্ৰহীয় চহৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি ৰে’ল যোগাযোগ ব্যৱস্থাক সামৰি লোৱা ৰিং ৰোডৰ চাৰিওকাষে যান-জঁট হ্ৰাসৰ চেষ্টা

Tags: AssamBudget2026-27
Share4Tweet3Send

Related Posts

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৮ জনলৈ বৃদ্ধি

by News Desk
August 8, 2026
50
Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM
Assam

Urgent: Assam to Receive Clear Flood Loss Estimate by Sept 10 — CM

by ASSAM TIMES POST
August 7, 2026
50
Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs
Assam

Assam Weaver’s Moving Gamosa Tribute : Nine Zubeen Garg Songs

by News Desk
August 7, 2026
50
Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি
Assam

Assam flood : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৭ জনলৈ বৃদ্ধি

by News Desk
August 7, 2026
50
Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি
Assam

Assam flood casualties : ৰাজ্যত বানত মৃত্যুৰ সংখ্যা ৯৫ জনলৈ বৃদ্ধি

by News Desk
August 6, 2026
50
Hailakandi rape case : হাইলাকান্দিত কিশোৰীক ধৰ্ষণ কৰি নৃশংস হত্যা, যৌনাংগত ভৰাই দিলে ৰড
Assam

Hailakandi rape murder : হাইলাকান্দি কিশোৰীক ধৰ্ষণ-হত্যাকাণ্ডত গ্ৰেপ্তাৰ ২, নাবালকো জড়িত

by News Desk
August 4, 2026
50
ADVERTISEMENT
Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ
Digital Transformation

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
50
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল
KARBI ANGLONG

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
50
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১
National-International

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026
50
Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ
National-International

Pak spy arrested : যৌনতাৰ ফান্দত পেলাই প্ৰতিৰক্ষা তথ্য চুৰি পাকিস্তানী হেণ্ডলাৰৰ, দিল্লীত গ্ৰেপ্তাৰ বায়ুসেনাৰ উইং কমাণ্ডাৰ

August 8, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

Meta vs Indian Govt : ডীপফেক আৰু ভুল তথ্য বন্ধ কৰাৰ পৰিকল্পনাৰ ৰোডমেপ জমা দিবলৈ মেটাক কেন্দ্ৰৰ নিৰ্দেশ

August 8, 2026
Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

Karbi Anglong artificial flood : কৃত্ৰিম বানে ডুবালে কাৰ্বি পাহাৰৰ ধনশিৰি অঞ্চল

August 8, 2026
Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

Himachal bus tragedy : হিমাচলৰ চাম্বাত যাত্ৰীভৰ্তি বাছ ১০০ ফুট দ খাৱৈত পৰি নিহত ৭, আহত ১১

August 8, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx