
অযোধ্যাৰ ৰাম মন্দিৰ (Ram Mandir) পৰিচালনাৰ দায়িত্বত থকা ‘শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰত ট্ৰাষ্ট’ আৰু উত্তৰ প্ৰদেশ চৰকাৰলৈ জাননী জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে।

ৰাম মন্দিৰত হোৱা প্ৰণামী চুৰিৰ ঘটনাৰ চিবিআইৰ তদন্ত বিচাৰি দেশৰ শীর্ষ আদালতত কেইবাটাও গোচৰ দাখিল কৰা হয়৷ সোমবাৰে মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ বিচাৰপীঠে উক্ত গোচৰসমূহৰ শুনানিৰ সময়ত জাননী জাৰি কৰাৰ কথা ঘোষণা কৰে। একে সময়তে ঘটনাৰ তদন্তৰ অগ্ৰগতি সন্দৰ্ভত এক প্ৰতিবেদন বিশেষ তদন্তকাৰী দলে (SIT) আদালতত দাখিল কৰিবলৈ নিৰ্দেশ দিছে।
সোমবাৰে অনুষ্ঠিত শুনানিত ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই মুখ্য ন্যায়াধীশৰ বিচাৰপীঠত কয় যে এছআইটিয়ে তদন্তৰ অগ্ৰগতি সম্পৰ্কে ছীল ক’ভাৰত উচ্চতম ন্যায়ালয়ত প্ৰতিবেদন দাখিল কৰিব। অহা সোমবাৰে অৰ্থাৎ ২০ জুলাইত এই গোচৰৰ পুনৰ শুনানি গ্ৰহণ কৰা হ’ব।
যোৱা ৭ জুনত প্ৰথমে ৰাম মন্দিৰত প্ৰণামী চুৰিৰ ঘটনা পোহৰলৈ আহে। এই বিষয়টোক লৈ যেতিয়া হুলস্থুল আৰম্ভ হয় তেতিয়া উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আদিত্যনাথে কয় যে এই ঘটনা সন্দৰ্ভত সম্পূৰ্ণ তদন্ত কৰা হ’ব। উত্তৰ প্ৰদেশ আৰক্ষীৰ এটা বিশেষ তদন্তকাৰী দল গঠন কৰা হয়।
এই ঘটনাত এতিয়ালৈকে আঠজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। লক্ষ্ণৌৰ সংমণ্ডল আয়ুক্ত বিজয় বিশ্বাস পন্তৰ নেতৃত্বত আছে এই এছআইটি। ২৩ জুনত এছআইটিয়ে উত্তৰ প্ৰদেশৰ অতিৰিক্ত মুখ্য সচিব সঞ্জয় প্ৰসাদৰ ওচৰত প্ৰাৰম্ভিক তদন্তৰ প্ৰতিবেদন দাখিল কৰে।
অৱশ্যে চূড়ান্ত প্ৰতিবেদন দাখিল কৰা হোৱা নাই। প্ৰাথমিক তদন্তত আৰক্ষীয়ে জানিব পাৰিছে যে বিগত দুবছৰত ভক্তই দিয়া কেইবা কোটি টকাৰ প্ৰণামী লুণ্ঠন হৈছে। এছআইটিৰ সন্দেহ যে ৰাম মন্দিৰৰ কৰ্মচাৰী (সেৱক), আনকি মন্দিৰৰ কিছুমান ট্ৰাষ্টী আৰু বিষয়ববীয়াও ইয়াৰ লগত জড়িত হ’ব পাৰে। গ্ৰেপ্তাৰ হোৱা আটাইকেইজনেই দানৰ ধন গণনাৰ লগত জড়িত আছিল।
ঘটনাক লৈ হুলস্থুল আৰম্ভ হোৱাৰ লগে লগে চম্পত ৰায়ে ট্ৰাষ্টৰ সাধাৰণ সম্পাদকৰ পদৰ পৰা পদত্যাগ কৰে। ইয়াৰ লগতে তীৰ্থক্ষেত্ৰ ট্ৰাষ্টৰ সদস্য (ট্ৰাষ্টী) অনিল মিশ্ৰয়ো পদত্যাগ কৰে। ৰাম মন্দিৰত প্ৰণামী চুৰিৰ অভিযোগৰ তদন্তত এছআইটিৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰি বহু লোকে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে।
পৃথক পৃথক গোচৰ ৰুজু কৰা হয়। আবেদনকাৰীৰ মতে, উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত চিবিআয়ে এই ঘটনাৰ তদন্ত কৰিব লাগে। সোমবাৰে এই গোচৰৰ শুনানি গ্ৰহণ কৰে মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনে।











