
ত্ৰিপুৰাৰ ডিজিপি অনুৰাগ ধনখড়ৰ অস্বাভাৱিক মৃত্যু (Tripura DGP Death)। সোমবাৰে পুৱা আগৰতলাৰ ত্রিপুৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়ত তেওঁৰ চিপ লোৱা মৃতদেহ উদ্ধাৰ হয়। প্রাথমিক অনুসন্ধানত এইটো আত্মহত্যাৰ ঘটনা বুলি সন্দেহ কৰা হৈছে। এই বিষয়ে নিশ্চিত হ’বলৈ আৰক্ষী সঞ্চালক প্রধানগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে আগৰতলাস্থিত গোবিন্দবল্লভ পন্ত হস্পিটেললৈ প্ৰেৰণ কৰা হৈছে।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে ত্রিপুৰা আৰক্ষীৰ শীর্ষ বিষয়াসকল হস্পিটেলত উপস্থিত হয়। আনহাতে, যিটো কোঠাৰ পৰা আৰক্ষী বিয়াগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে, সেইটো ইতিমধ্যে আৰক্ষীয়ে ঘেৰি আছে।
তদন্তৰ খাতিৰত এই পদক্ষেপ লোৱা বুলি আৰক্ষীয়ে জনাইছে। অৱশ্যে ডিজিপিগৰাকীৰ মৃত্যু কেনেদৰে হ’ল সেয়া মৰণোত্তৰ পৰীক্ষাৰ পিছতহে জানিব পৰা যাব বুলি আৰক্ষীয়ে জনাইছে। এই বিষয়ত এই পর্যন্ত ত্ৰিপুৰা আৰক্ষীয়ে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।
উল্লেখযোগ্য যে অনুৰাগ ১৯৯৪ বেটচৰ ত্রিপুৰা কেডাৰৰ এগৰাকী আইপিএছ বিষয়া। ত্রিপুৰা আৰক্ষীৰ বিভিন্ন গুৰুত্বপূর্ণ পদত কাৰ্যনিৰ্বাহ কৰাৰ পিছত ২০২৫ চনৰ মে’ মাহত তেওঁ ৰাজ্যখনৰ ডিজিপি হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল।











