
অৱশেষত নীট প্ৰশ্নকাকত ফাদিলৰ প্ৰতিবাদত ককৰোচ জনতা পাৰ্টীৰ ধৰ্ণা (CJP Protest) সন্দৰ্ভত মুকলি বক্তব্য প্ৰদান কৰিছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। ৰাহুল গান্ধীকে ধৰি কংগ্ৰেছৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰাৰ অভিযোগ তেওঁ উত্থাপন কৰে।

তেওঁ দাবী কৰে যে কংগ্ৰেছে নীট প্ৰশ্নকাকত ফাদিলৰ বিতৰ্কৰ সমাধানৰ পৰিৱৰ্তে সংসদৰ বৰ্ষাকালীন অধিৱেশনত বিশৃংখলতা সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। এই কথা তেওঁ নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰে।
আনহাতে, কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু জিতেন্দ্ৰ সিঙে মঙলবাৰে নিশা গুৰুগ্ৰামৰ এখন চিকিৎসালয়লৈ গৈ সোণম ৱাংচুকৰ স্বাস্থ্য সন্দৰ্ভত সোধা-পোছা কৰে। ধৰ্মেন্দ্ৰ প্ৰধানে অভিযোগ কৰে, “প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ বাহিৰত কংগ্ৰেছৰ প্ৰতিবাদে জনসাধাৰণৰ চৰম অসুবিধাৰ সৃষ্টি কৰাৰ লগতে নিৰাপত্তা উলংঘা কৰিছে।”
তেওঁ লগতে লিখিছে, “সংসদত নীট বিষয়ত বিতংভাৱে আলোচনা কৰিবলৈ চৰকাৰে সন্মতি দিয়াৰ পাছতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহৰ বাহিৰত কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে নিৰ্লজ্জভাৱে ছাত্ৰ-ছাত্ৰীক ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ কৰি আছে।”
তেওঁ অভিযোগ কৰে যে চৰকাৰে আলোচনাৰ বাবে সকলো পথ মুকলি কৰি ৰাখিলেও ৰাহুলে বলপূৰ্বকভাৱে সংঘাত সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। কংগ্ৰেছৰ লক্ষ্য কেতিয়াও ছাত্ৰ-ছাত্ৰীৰ সমস্যা সমাধান কৰা নহয়, বৰঞ্চ ৰাজনৈতিক কাৰণত বিশৃংখলতা সৃষ্টি কৰাহে।
লগতে কয় যে চৰকাৰে সংসদত নীট বিষয়ত আলোচনা কৰি ছাত্ৰ-ছাত্ৰীৰ প্ৰকৃত চিন্তা-চৰ্চাৰ সমাধানৰ বাবে সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ। মন্ত্ৰীগৰাকীয়ে লগতে কয়, “ছাত্ৰ-ছাত্ৰীক উত্তৰ দিয়াৰ দায়িত্ব চৰকাৰৰ আছে আৰু পৰীক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে তেওঁলোক প্ৰতিশ্ৰুতিবদ্ধ।”
উল্লেখযোগ্য যে মঙলবাৰে বিয়লি লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী, কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাকে ধৰি কংগ্ৰেছৰ সাংসদসকলে সোমবাৰে ছাত্ৰ আৰু যুৱক-যুৱতীৰ সমদলত ‘আৰক্ষীৰ আক্ৰমণ’ৰ প্ৰতিবাদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহৰ সমীপত ধৰ্ণাত বহে।
পিছত সমাজবাদী পাৰ্টীৰ মুৰব্বী অখিলেশ যাদৱ আৰু শৰদ পাৱাৰ সমৰ্থিত এন চি পিৰ সুপ্ৰিয়া চুলেয়েও তাত উপস্থিত হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ জৰিয়তে লোক কল্যাণ মাৰ্গৰ দৰে উচ্চ নিৰাপত্তা বলয়ত প্ৰতিবাদ নকৰিবলৈ বাৰ্তা প্ৰেৰণ কৰিছিল।
কিন্তু সেই কথাক আওকাণ কৰি সন্ধিয়া যেতিয়া তেওঁলোকে নিশাটোৰ বাবে ধৰ্ণাৰ প্ৰস্তুতি আৰম্ভ কৰে তেতিয়া দিল্লী আৰক্ষীয়ে ৰাহুল গান্ধীক আটক কৰে। তেওঁক মন্দিৰ মাৰ্গ থানালৈ লৈ যোৱা হয়। ইয়াৰ পিছতে তাত উপস্থিত হয় কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ ছোনিয়া গান্ধী আৰু শিৱসেনাৰ মুৰব্বী উদ্ধৱ থাকৰে।
অৱশেষত আপক্ষীয়ে ৰাহুল গান্ধীক মুকলি কৰি দিয়ে। আনহাতে, দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত মঙলবাৰে সন্ধিয়া ছফদৰজং হাস্পতালৰ পৰা গুৰুগ্ৰামৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় সোণম ৱাংচুকক।
ছফদৰজং হাস্পতাল এৰাৰ সময়ত তেওঁৰ অৱস্থা সুস্থিৰ বুলি জানিবলৈ দিয়ে। সংবাদ সংস্থা পিটিআইৰ মতে, মঙলবাৰে নিশা জে পি নাড্ডা আৰু জিতেন্দ্ৰ সিং গুৰুগ্ৰামৰ চিকিৎসালয়লৈ গৈ সোণমৰ অৱস্থা সন্দৰ্ভত সোধা-পোছা কৰে। অৱশ্যে তেওঁলোকে ৱাংচুকক লগ পাইছিল নে নাই সেয়া জানিব পৰা হোৱা নাই।










