
অসমৰ বান (Assam Flood) পৰিস্থিতি অধিক ভয়াৱহ (More dangerous) হৈ পৰিছে। বৰ্তমান ৰাজ্যৰ ১১ খন জিলা পানীৰ তলত আছে। শুকুৰবাৰে ৰাজ্যখনৰ দুৰ্যোগ প্ৰশমন বিভাগৰ তথ্য অনুসৰি এতিয়ালৈকে ৭ লাখ ২১ হাজাৰ লোক বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। মৃত্যুৰ সংখ্যা (Number of deaths) ৪৭ জনলৈ বৃদ্ধি (Increase to 47 people) পাইছে।
বিভাগটোৰ তথ্য অনুসৰি কাৰ্বি আংলং, গোলাঘাট, চৰাইদেউ, কামৰূপ, শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড়, নাগাঁও, ধেমাজি, হোজাই, কামৰূপ (মহানগৰ) পানীৰ তলত। প্ৰায় ৯০০ খন গাঁও বানত ক্ষতিগ্ৰস্ত হৈছে।

আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত জিলাসমূহৰ ভিতৰত শিৱসাগৰ অন্যতম। জিলাখনত ৩ লাখ ৯২ হাজাৰ ১৯৫ জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ পিছতে চৰাইদেউ (১,১০,৭৭৫), যোৰহাট (৯৭,৬৯০) আৰু ডিব্ৰুগড় (১৩,৩৯০)।
বানত ডুব গৈছে কৃষিভূমিও। ৰাজ্যিক প্ৰশাসনৰ সূত্ৰ অনুসৰি, প্ৰায় ২৫ হাজাৰ হেক্টৰ কৃষিভূমিৰ শস্য ধ্বংস হৈছে। মুকলি কৰা হৈছে ৪৮৭টা সাহায্য শিবিৰ। ২৪ হাজাৰ ১৪৮ জন লোকে তাত আশ্ৰয় লৈছে। তদুপৰি ৩৮১টা সাহায্য বিতৰণ কেন্দ্ৰৰ পৰা প্ৰায় ৩ লাখ লোকক সহায় আগবঢ়োৱা হৈছে। বিগত ২৪ ঘণ্টাত নতুনকৈ ৬ জন লোকৰ মৃত্যু হৈছে। শ শ পশুধনৰ মৃত্যু হৈছে। ৫০০ৰো অধিক কুকুৰাৰ পাম পানীৰ তলত। বিপদসীমাৰ ওপৰেৰে বৈ আছে পাঁচখন ডাঙৰ নদী। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীক ক্ষতিগ্ৰস্ত জিলাসমূহত মোতায়েন কৰা হৈছে। উদ্ধাৰ কামৰ বাবে নিয়োগ কৰা হৈছে বায়ুসেনাৰ এখন হেলিকপ্টাৰ। ক্ষতিগ্ৰস্ত জিলাসমূহত ৫৬খন নাও মোতায়েন কৰা হৈছে।













