ASSAM TIMES POST
নিউজ ডেস্ক: ক’ৰ’ণা ভাইৰাছৰ কাৰণে পিছুৱাই দিয়া হৈছে আজলান শ্বাহ হকী টুৰ্নামেণ্ট৷ এই হকী প্ৰতিযোগিতাখন চলিত বছৰৰ এপ্ৰিল মাহত অনুষ্ঠিত হোৱাৰ কথা আছিল৷ কিন্তু ক’ৰ’ণা ভাইৰাছৰ আতংকৰ বাবে এই প্ৰতিযোগিতাখন অহা ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ’ব৷ অহা ১১-১৮ এপ্ৰিলত এই সন্মানীয় প্ৰতিযোগিতাখন অনুষ্ঠিত হোৱাৰ কথা আছিল৷ এতিয়া প্ৰতিযোগিতাখন ২৪ ছেপ্টেম্বৰৰ পৰা অক্টোবৰলৈকে অনুষ্ঠিত হ’ব৷ আনহাতে তাৰিখ সলনি হ’লেও স্থান সলনি হোৱা নাই এই প্ৰতিযোগিতাৰ৷ মালয়েছিয়াতে অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাখন৷