
বৃহস্পতিবাৰে নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM Relief Fund) অসমৰ বান সংক্ৰান্তীয় কেবাটাও ঘোষণা ফেচবুক লাইভযোগে কৰে। ইয়াৰে ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ঘোষণাটো কৰে ঋণ সম্পৰ্কত।

বানপীড়িত জিলাকেইখনৰ ঋণ সম্পৰ্কীয় বিষয়টো কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে আলোচনা কৰা বুলি মুখ্যমন্ত্ৰীয়ে জনায়। বিত্ত মন্ত্ৰীৰ নিৰ্দেশনা অনুযায়ী আয়োজন কৰা ‘ষ্টেট লেভেল বেংকিং কমিটী’ৰ (SLBC) বৈঠকত ভাৰতীয় ৰিজাৰ্ভ বেংক, নাবাৰ্ডকে ধৰি সকলো বেংক উপস্থিত থকা বুলি তেওঁ জনায়৷
বৈঠকত এই বেংকসমূহে বিভিন্ন জিলাৰ ঋণ সম্পৰ্কীয় তথ্যসমূহ মুখ্যমন্ত্ৰীক দাখিল কৰে। এই তথ্য অনুসৰি, শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাত প্ৰায় ৩.১৮ লাখ সক্ৰিয় বেংক একাউণ্টৰ বৰ্তমান ঋণৰ পৰিমাণ ১১,৪০০ কোটি৷ এই ঋণসমূহৰ ভিতৰত আছে কৃষি ঋণ, আত্মসহায়ক গোটৰ মহিলাসকলৰ ঋণ, লঘু তথা ক্ষুদ্ৰ উদ্যোগীৰ ঋণকে ধৰি অন্যান্য ঋণ৷
আনহাতে, ঋণ মাফ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে বানপীড়িত লোকসকলেহে ঋণ মাফৰ সুবিধা লাভ কৰিব৷ কিন্তু এই প্ৰক্ৰিয়া আৰম্ভ কৰাৰ পূৰ্বে ৰাজ্য চৰকাৰে লাভ কৰা তথ্যসমূহ সঁচা নে মিছা সেয়া পৰীক্ষা কৰিব৷ ইয়াৰ উপৰি শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটত বাস কৰা কিন্তু বানত ক্ষতিগ্ৰস্ত নোহোৱা লোকৰ ঋণ বেংকে মাফ নকৰে বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে৷
ইয়াৰ উপৰিও গৃহ ঋণ, শিক্ষামূলক ঋণ আৰু গাড়ীৰ ঋণ পৰিশোধ প্ৰক্ৰিয়াত ছমাহলৈ ৰেহাই দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জনায়৷ একেদৰে কৃষি ঋণ আৰু আত্মসহায়ক গোটৰ ঋণ পৰিশোধৰ ক্ষেত্ৰতো ছমাহ ৰেহাই দিয়া হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জনায়৷











