
সোমবাৰে জম্মু-কাশ্মীৰৰ (Jammu-Kashmir) মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা (Chief Minister Omar Abdullah)ই ৰাজ্যখনত হিন্দু পণ্ডিত (Hindu Pandit)সকলৰ বিৰুদ্ধে ধাৰাবাহিক ভাবুকিৰ প্ৰতি উদ্বেগ প্ৰকাশ (Expressing concern about thoughts) কৰি কয়, “এনেধৰণৰ ভাবুকি নিন্দনীয়। আইন-শৃংখলাৰ পৰিস্থিতিক আৰক্ষী আৰু চোৰাংচোৱা সংস্থাই সহজভাৱে ল’লে নচলিব। ভাবুকিৰ উৎস চিনাক্ত কৰিব লাগিব। কাশ্মীৰী পণ্ডিতসকলৰ সুৰক্ষা নিশ্চিত কৰাটো আৰক্ষীৰ দায়িত্ব।”
দেওবাৰে জম্মুৰ বিভিন্ন অঞ্চলত বসবাস কৰা ৬ জন কাশ্মীৰী পণ্ডিতৰ নাম ঠিকনা উল্লেখ কৰি ছ’চিয়েল মিডিয়াত ‘হোৱাইট কলাৰ টেৰ’ৰিষ্ট’ আৰু ‘বিশ্বাসঘাতক’ বুলি চিনাক্ত কৰা হয়। এই কাণ্ডৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ওমৰ আদ্বুল্লাই কয় যে এইটো এটা ডাঙৰ চিন্তাৰ বিষয়। একে সময়তে কেন্দ্ৰীয়শাসিত অঞ্চলটোৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সোঁৱৰাই দিয়ে যে জম্মু-কাশ্মীৰৰ আৰক্ষীৰ দায়িত্ব তেওঁৰ চৰকাৰৰ ওপৰত নহয়, লেফটেনেণ্ট গৱৰ্ণৰৰ ওপৰত।

উল্লেখ্য় যে সোমবাৰৰ পৰাই জম্মু-কাশ্মীৰৰ চোৰাংচোৱা বিভাগে ১৯৯৮ চনৰ ৱানধামা হত্যাকাণ্ডৰ তদন্ত আৰম্ভ কৰে। এই হত্যাকাণ্ডত ২৩ জন হিন্দু পণ্ডিত নিহত হয়।
বিগত তিনি বছৰে উপত্যকাটোৰ সন্ত্ৰাসবাদী সংগঠনসমূহে কাশ্মীৰী পণ্ডিতসকলক নিৰ্বাচিতভাৱে হত্যা কৰাৰ কৌশল গ্ৰহণ কৰি আহিছে। পাকিস্তান সমৰ্থিত লস্কৰ-ই-তৈবা আৰু জৈছ-ই-মহম্মদৰ দৰে সুপৰিচিত সন্ত্ৰাসবাদী সংগঠনৰ লগতে পণ্ডিতসকলৰ হত্যাকাণ্ডত কাশ্মীৰ ফ্ৰিডম ফাইটাৰ্ছ (কেএফএফ), লস্কৰ-ই-ইছলাম, কাশ্মীৰ টাইগাৰ্ছ, কাশ্মীৰ ফাইট আদি সন্ত্ৰাসবাদী সংগঠনৰ নামো ওলাই পৰিছে। আনকি সন্ত্ৰাসবাদীৰ ভয়ত ঘৰ-বাৰী এৰি পলায়ন কৰা কাশ্মীৰী পণ্ডিতসকলৰ আশ্ৰয় শিবিৰক (ট্ৰেনজিট কল’নী) কেইবাবাৰো কবৰস্থানলৈ ৰূপান্তৰিত কৰাৰ হুংকাৰ দিছে সন্ত্ৰাসবাদীয়ে। সোমবাৰে ওমৰ আব্দুল্লাৰ মন্তব্যই এটা পুৰণি বিষয়কো চুই গৈছে।












