
উত্তৰ প্ৰদেশৰ কানপুৰ (Kampur)ত দুৰ্ঘটনাগ্ৰস্ত হয় এখন প্ৰশিক্ষণ বিমান (Training plane crashed)। বৃহস্পতিবাৰে বিয়লি কানপুৰৰ গংগা বেৰেজৰ সমীপৰ এখন পথাৰত সংঘটিত এই দুৰ্ঘটনা। প্ৰাথমিকভাৱে জনা গৈছে যে বিমানখনত দুজন পাইলট আছিল। দুৰ্ঘটনাত দুয়োজনৰে মৃত্যু (Both pilots died) হয়। তেওঁলোকৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই।
প্ৰথম অৱস্থাত বিমানখন কিয় দুৰ্ঘটনাগ্ৰস্ত হয় সেয়া স্পষ্ট হোৱা নাই। আজি বিয়লি গংগা বেৰেজৰ সমীপৰ নট্টুপুৰৱা গাঁৱৰ পথাৰত হঠাৎ দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন। সৰু বিমানখন মাটিত খুন্দা মৰাৰ পিছত সম্পূৰ্ণৰূপে ছিন্নভিন্ন হৈ পৰে। প্ৰাথমিক খবৰ অনুসৰি, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত বিমানখনত দুজন লোক আছিল। এজন প্ৰশিক্ষাৰ্থী পাইলট, আনজন প্ৰশিক্ষক।

দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে উদ্ধাৰকাৰী দল সেই স্থানত উপস্থিত হয়। স্থানীয় আৰক্ষী জোৱানো ঘটনাস্থলীত উপস্থিত হয়। দুৰ্ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ যোৱাৰ পথত দুয়োজনৰে মৃত্যু হয়। বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱা অঞ্চলটো ঘেৰাও কৰিছে আৰক্ষীয়ে।
আৰক্ষীৰ সূত্ৰ অনুসৰি, নিহত পাইলট দুজনৰ এজন গুজৰাটৰ। আনজন কৰ্ণাটকৰ। নিহত এজনৰ প্ৰায় ৩০০০ ঘণ্টাৰ উৰণৰ অভিজ্ঞতা আছিল। ইতিমধ্যে আৰক্ষীয়ে দুৰ্ঘটনাৰ প্ৰতিবেদন অসামৰিক বিমান পৰিবহণ নিয়ন্ত্ৰক ডিজিচিএলৈ প্ৰেৰণ কৰিছে। এই দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে।
দুৰ্ঘটনাগ্ৰস্ত বিমানখন টেকনাম পি২০০৬টি আছিল। এই বিমানখন পৰিচালনা কৰিছিল ‘গাৰ্গ এভিয়েশন’ নামৰ এটা কোম্পানীয়ে। তেওঁলোকে এটা চিভিল এৰোড্ৰমৰ (এটা সৰু অসামৰিক বিমানবন্দৰ) পৰা এখন বিমান প্ৰশিক্ষণ বিদ্যালয় চলায়। সংবাদ সংস্থা এএনআইৰ বাতৰি অনুসৰি, দুটা ইঞ্জিনযুক্ত বিমানখনত চাৰিজন লোকৰ বাবে বহিব পৰা ব্যৱস্থা আছিল। অৱশ্যে এইখন কেনেধৰণৰ বিমান আছিল আৰু কাৰ নামত পঞ্জীয়ন কৰা হৈছিল সেই সম্পৰ্কে প্ৰতিবেদন প্ৰকাশৰ সময়লৈকে ডিজিচিএয়ে কোনো আনুষ্ঠানিক বক্তব্য দিয়া নাই।













