
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইতিমধ্যে দেশক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰাৰ লক্ষ্য ঘোষণা কৰিছে। এইবাৰ ইয়াৰ প্ৰতিধ্বনি ঘটিল কেন্দ্ৰীয় চৰকাৰৰ দ্বিতীয় সৰ্বোচ্চ নেতা অমিত শ্বাহৰ কণ্ঠতো। তেওঁ কয় যে যিদৰে দেশখনক ‘মাওবাদীমুক্ত’ কৰা হৈছে, তেনেদৰে ড্ৰাগছমুক্তও কৰা হ’ব।
দেওবাৰে গোৱাত অনুষ্ঠিত এক সংবাদমেলত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে আমি নক্সালবাদ নিৰ্মূল কৰিছোঁ আৰু ড্ৰাগছ সম্পৰ্কীয় সমস্যাৰ সৈতেও আমি একেদৰেই মোকাবিলা কৰিম। কেন্দ্ৰীয় চৰকাৰে বিভিন্ন কাৰ্যসূচীত ‘ড্ৰাগছমুক্ত ভাৰত’ সৃষ্টিৰ লক্ষ্যৰ কথা কৈ আহিছে। কেন্দ্ৰই দাবী কৰিছে যে তেওঁলোকে ২০২৯ চনৰ ভিতৰত এই লক্ষ্যত উপনীত হ’ব বিচাৰে। অমিত শ্বাহে কয় যে কেন্দ্ৰীয় চৰকাৰে সেই লক্ষ্যত উপনীত হোৱাৰ বাবে ৰোডমেপো প্ৰস্তুত কৰিছে। লগতে তেওঁ কয় যে কেন্দ্ৰই বিশেষকৈ ড্ৰাগছ ব্যৱসায়ৰ নেটৱৰ্ক ভাঙিবলৈ কৌশলগত পদক্ষেপ গ্ৰহণৰ দিশত আগবাঢ়িছে।

অমিত শ্বাহে কেন্দ্ৰৰ পৰিকল্পনাৰ ইংগিতো দিয়ে। তেওঁৰ মতে, কেন্দ্ৰই ২০২৯ চনৰ মাৰ্চ মাহৰ ভিতৰত দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ১০০টা ড্ৰাগছ নেটৱৰ্ক ধ্বংস কৰাৰ দিশত আগবাঢ়িছে। একে সময়তে বিদেশত আশ্ৰয় লোৱা ১০০ জন পলাতকক ঘূৰাই অনাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। অমিত শ্বাহে প্ৰতিশ্ৰুতি দিয়ে যে চলিত বৰ্ষৰ ভিতৰত কমেও ৭৫টা ড্ৰাগছ সৰবৰাহকাৰীৰ গোপন পৰীক্ষাগাৰ ধ্বংস কৰা হ’ব।
শেহতীয়াকৈ মোদীয়ে ‘বিকশিত ভাৰত সংকল্প অভিযানৰ বাবে নিচামুক্ত যুৱ’ কাৰ্যসূচী আৰম্ভ কৰে। তেওঁ দেশৰ যুৱক-যুৱতীসকলক ড্ৰাগছ আসক্তিৰ বিৰুদ্ধে এই অভিযানত যোগদান কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে কয়, “যদিও ড্ৰাগছে সাময়িকভাৱে নিচাৰ অনুভূতি দিয়ে, তথাপিও ই মানুহৰ কেৰিয়াৰ আৰু ব্যক্তিগত জীৱন ধ্বংস কৰিব পাৰে। দেশৰ যুৱক-যুৱতীসকল মানসিক আৰু শাৰীৰিকভাৱে সুস্থ হ’ব লাগিব। সেয়েহে তেওঁলোকে সকলো ধৰণৰ ড্ৰাগছৰ পৰা আঁতৰি থাকিব লাগিব।”
উল্লেখ্য যে কেন্দ্ৰই ৩১ মাৰ্চৰ ভিতৰত দেশখনক মাওবাদীমুক্ত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। পিছত জুলাই মাহত কেন্দ্ৰই কয় যে বৰ্তমান দেশৰ কোনো জিলাতে মাওবাদী সমস্যা নাই। অৱশ্যে এখন জিলা এতিয়াও ‘উদ্বেগজনক’ হৈয়েই আছে।













