
ত্ৰিপুৰা চৰকাৰে গুজৰাটৰ মুখ্যমন্ত্ৰী তথা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ২৫ বছৰীয়া অবিৰত জনসেৱা উদযাপনৰ বাবে ১৭ ছেপ্টেম্বৰৰ পৰা এমাহজোৰা ‘সেৱা সংকল্প অভিযান’ৰ আয়োজন কৰিছে। এই অভিযানৰ মূল উদ্দেশ্য হৈছে চৰকাৰী প্ৰকল্প আৰু জনকল্যাণমূলক সেৱাৰ সুবিধাসমূহ ‘জন চেৱা হী প্ৰভু চেৱা’ মন্ত্ৰৰ সৈতে সংগতি ৰাখি সমাজলৈ অনা।
এক সংবাদমেলত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাই কয় যে ১৭ ছেপ্টেম্বৰৰ পৰা ১৭ অক্টোবৰলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাবাহিক কাৰ্যসূচীৰ আয়োজন কৰা হ’ব। ২০০১ চনৰ ৭ অক্টোবৰৰ পৰা গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পৰা আৰম্ভ হোৱা মোদীৰ যাত্ৰাৰ ২৫ বছৰীয়া জয়ন্তী দেশৰ গণতান্ত্ৰিক ইতিহাসৰ এক উল্লেখযোগ্য অধ্যায় বুলি উল্লেখ কৰে।
দৰিদ্ৰ আৰু প্ৰান্তীয় লোকৰ সেৱা, সুশাসন আৰু কল্যাণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসন দৰ্শনৰ মূল স্তম্ভ বুলি দাবী কৰে মুখ্যমন্ত্ৰীয়ে। চৰকাৰী প্ৰকল্পৰ সুবিধা যাতে কেৱল কাগজ আৰু কলমতে সীমাবদ্ধ নাৰাখি, প্ৰকৃত হিতাধিকাৰীৰ ওচৰলৈ লৈ যোৱাটো এটা অন্যতম লক্ষ্য।
অহা ১৭ ছেপ্টেম্বৰত ‘আশীৰ্বাদ কা দিয়া’ কাৰ্যসূচীৰে এই অভিযান আৰম্ভ কৰা হ’ব। ৰাজ্যৰ গাঁও-নগৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ স্থান আৰু ঘৰত চাকি জ্বলোৱাৰ বাবে ছয় লাখৰো অধিক চাকিৰ ব্যৱস্থা কৰা হ’ব। বিভিন্ন স্থানত ৰক্তদান শিবিৰৰো আয়োজন কৰা হ’ব। ২৯ ছেপ্টেম্বৰৰ পৰা ১৭ অক্টোবৰলৈ ৰাজ্যৰ ৪,৯৪৫খন বিদ্যালয়ত অনুষ্ঠিত হ’ব ‘মেৰে স্বপ্নো কা ভাৰত চিত্ৰ সেৱা’ কাৰ্যসূচী।

আনহাতে, ‘নমো সেৱা অনকহী কাহানিয়া’ কাৰ্যসূচীত ২৫-৩০ মিনিটৰ সংগীত মঞ্চ নাটকৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ ২৫ বছৰীয়া জনসেৱা, বিভিন্ন জনকল্যাণমূলক আঁচনি আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াৰ প্ৰভাৱ সাধাৰণ ৰাইজৰ আগত প্ৰদৰ্শন কৰা হ’ব।
‘অংগন মিলন সেৱা’ৰ অধীনত ৰাজ্যৰ ১০,৪৭৯টা অংগনবাড়ী কেন্দ্ৰত অভিভাৱকসকলৰ সৈতে মত বিনিময়, সেৱাসমূহৰ বিষয়ে সজাগতা, বকেয়া ধনৰ ব্যৱস্থা আৰু বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্যিক আঁচনিৰ বাবে আবেদন কৰাত সহায় কৰা হ’ব।
‘সেৱা কী কাহানি’ কাৰ্যসূচীত মোদী চৰকাৰৰ বিভিন্ন আঁচনিৰ ওপৰত আলোকপাত কৰা হ’ব। ‘সেৱা জ্যোতি কলচ যাত্ৰা’ত জোঁৰ সমদল, চাইকেল আৰু বাইক ৰেলিয়ে ৰাজ্যৰ ১১৯৩ খন গাঁও আৰু ২১ খন চহৰ অতিক্ৰম কৰিব।
‘সেৱা মেৰী যোগদান’ কাৰ্যসূচীত নাগৰিকসকলক স্বেচ্ছাসেৱা, বৃক্ষৰোপণ, ৰক্তদান আৰু স্বচ্ছতা অভিযানৰ দৰে সামাজিক কামত জড়িত কৰা হ’ব। অহা ২৯ ছেপ্টেম্বৰৰ পৰা ১৭ অক্টোবৰলৈ ‘সেৱা সেতু অভিযান’ৰ অধীনত ৮৫টা মেগা শিবিৰৰ আয়োজন কৰা হ’ব। তাত সাধাৰণ মানুহে চৰকাৰী প্ৰকল্পৰ বাবে আবেদন কৰিব পাৰিব।
‘সেৱা কে ৰং ৰাষ্ট্ৰ কে সংগ’ কাৰ্যসূচীৰ অধীনত নিৰ্মাণ হ’ব ‘বিশাল ৰঙ্গোলী’। শিল্পী, মহিলা, আত্মসহায়ক গোট, এনচিচি আৰু ছাত্ৰ-ছাত্ৰীয়ে তাত অংশগ্ৰহণ কৰিব। আনহাতে ‘সেৱা ফাৰ্ষ্ট ইনোভেচন চেলেঞ্জ’ চৰকাৰী সেৱা, প্ৰশাসনিক দক্ষতা আৰু স্থানীয় উন্নয়নৰ বিভিন্ন সমস্যাৰ প্ৰযুক্তিভিত্তিক সমাধান বিচাৰিব।
‘সুশাসন সংবাদ’ কাৰ্যসূচীত স্থানীয় জনপ্ৰতিনিধি, যুৱক-যুৱতী, মহিলা আত্মসহায়ক গোট আৰু বিভিন্ন সামাজিক সম্প্ৰদায়ৰ প্ৰতিনিধিয়ে সুশাসন আৰু জনসেৱা সন্দৰ্ভত মত বিনিময় কৰিব। এই অভিযানৰ সামগ্ৰিক সমন্বয়ৰ দায়িত্ব প্ৰদান কৰা হৈছে বিত্তমন্ত্ৰী প্ৰণজিৎ সিং ৰায়ক।













