
চলি আছে দুৰ্গোৎসৱৰ আনন্দ-উল্লাস। কিন্তু তাৰ সমান্তৰালভাৱে সষ্টম হৈ আছে অসম আৰক্ষীও। বিভিন্ন কূটাঘাতমূলক ঘটনা ৰোধ, আইন-শৃংখলা পৰিস্থিতি অটুট ৰখাৰ লগতে অপৰাধীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত আছে। তাৰে মাজতে গুৱাহাটী (Guwahati) মহানগৰীত জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ (Drugs seized )।

মহানগৰ আৰক্ষীৰ এটা দলে বশিষ্ঠৰ বেংগলী বস্তিৰ পৰা উদ্ধাৰ কৰে ৫.৫ কোটি টকা মূল্যৰ ড্ৰাগছ। ৪২ টা চাবোনৰ বাকচত ভৰাই এই বৃহৎ পৰিমাণৰ হেৰ’ইনখিনি সৰবৰাহ কৰিছিল। ইয়াৰ উপৰি ৩টাকৈ পেকেটত নিষিদ্ধ মৰফিনো সৰবৰাহ কৰিছিল। বশিষ্ঠ থানাৰ আৰক্ষীয়ে চলোৱা অভিযানত ড্ৰাগছসহ সৰবৰাহকাৰী প্ৰণৱ দাসক গ্ৰেপ্তাৰ কৰা হয়। বশিষ্ঠ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত চলিছিল এই অভিযান।













