
ডেৰ মাহৰ ভিতৰতে চীনৰ নিয়ন্ত্ৰিত তিব্বতত আন এক ভূমিকম্পৰ সৃষ্টি (Tibet earthquake) হয়। বৃহস্পতিবাৰে ভাৰতীয় সময় অনুসৰি নিশা ৮.০৩ বজাত (স্থানীয় সময় অনুসৰি ১০.৩৩ বজাত) তিব্বত আৰু কাষৰীয়া চীনৰ ভূখণ্ড জোকাৰি যায়। বেইজিঙৰ ভূমিকম্প নেটৱৰ্ক চেণ্টাৰে জনোৱা মতে, ৰিখটাৰ স্কেলত এই কম্পনৰ প্ৰাবল্য আছিল ৭। প্ৰায় ৪০ মিনিট পিছত আন এক কঁপনি অনুভৱ কৰা হয়।
শুকুৰবাৰে পুৱালৈকে চীনৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ১৮ জন লোকৰ মৃত্যু হৈছে। আহতসকলৰ সংখ্যা আছিল ৫৬ জন। ইয়াৰে ১১ জনৰ অৱস্থা সংকটজনক। দুটাকৈ ভূমিকম্পৰ ফলত ৩০০ৰো অধিক ঘৰ সম্পূৰ্ণৰূপে ধ্বংস হয়। বহু পশুধনৰ মৃত্যু হৈছে। পাহাৰীয়া অঞ্চলত ভূমিস্খলনৰ ফলত বহু পথ বন্ধ হৈ পৰে। বিদ্যুৎ যোগান আৰু যোগাযোগ ব্যৱস্থা বন্ধ হৈ পৰে। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে উত্তৰ তিব্বতৰ বাকেন কাউন্টিৰ মাৰু টাউনশ্বিপ অঞ্চল।

ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰ (এন চি এছ)ৰ তথ্য অনুসৰি, অৰুণাচল প্ৰদেশৰ পাণ্ডিন অঞ্চলৰ পৰা প্ৰায় ৪৮৯ কিলোমিটাৰ উত্তৰ-উত্তৰ-পশ্চিমে প্ৰায় ১০ কিলোমিটাৰ গভীৰতাত প্ৰথমটো ভূমিকম্পৰ কেন্দ্ৰবিন্দু। তিব্বতৰ নাগকুৰ পৰা ১৯০ কিলোমিটাৰ উত্তৰ-পূব আৰু ৰাজধানী লাছাৰ পৰা ৩৯০ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই দুৰ্গম পাহাৰীয়া অঞ্চলটো। প্ৰথমটো ভূমিকম্পৰ কিছু সময়ৰ পিছতে নিশা ৮.৪২ বজাত (ভাৰতীয় সময় অনুসৰি) ৫ ৰিখটাৰ স্কেলৰ ভূমিকম্পই অঞ্চলটো জোকাৰি যায়। দ্বিতীয়টো ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল অৰুণাচল প্ৰদেশৰ বাছাৰৰ পৰা প্ৰায় ৩২৩ কিলোমিটাৰ উত্তৰ-উত্তৰ-পশ্চিমে। দ্বিতীয়টো ভূমিকম্পৰ গভীৰতা আছিল প্ৰায় ১৫ কিলোমিটাৰ। ৰিখটাৰ স্কেল আছিল ৫।
পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ চীন চৰকাৰে লেভেল-৩ এলাৰ্ট জাৰি কৰিছে। পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাহায্য সামগ্ৰী আৰু বিশেষ উদ্ধাৰকাৰী দল প্ৰেৰণ কৰা হৈছে। আগন্তুক ২৪ ঘণ্টাত ক্ষতিগ্ৰস্ত অঞ্চলসমূহত প্ৰচণ্ড বৰফ পৰাৰ পূৰ্বাভাস দিয়া হৈছে। ফলত উদ্ধাৰৰ কাম শীঘ্ৰে সম্পূর্ণ নকৰিলে মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা আছে৷ উল্লেখযোগ্য যে ২৬ আগষ্টত তিব্বত-নেপাল সীমান্তৱৰ্তী অঞ্চলত ভয়ংকৰ ভূমিস্খলনত প্ৰায় ১৫০০ লোকৰ মৃত্যু হৈছিল। প্ৰায় একে সংখ্যক লোক এতিয়াও সন্ধানহীন হৈ আছে। ইয়াৰ পিছত ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত প্ৰায় ৫.৫ ৰিখটাৰ স্কেলৰ ভূমিকম্পই চীনশাসিত ভূখণ্ড কঁপাই তোলে। ইয়াৰ পূৰ্বে ২০২৩ চনৰ ডিচেম্বৰ মাহত চীনৰ গানছু প্ৰদেশত ৬.২ প্ৰাবল্যৰ ভূমিকম্পত ১২০ জনতকৈ অধিক লোকৰ মৃত্যু হৈছিল।













