
দিল্লীৰ প্ৰদূষণৰ (Delhi Pollution) মাত্ৰা প্ৰতিদিনে অধিক ভয়াৱহ হৈ পৰিছে। কোনো কোনো ঠাইত প্ৰদূষণ ভয়ংকৰ মাত্ৰাত উপনীত হৈছে। দীপাৱলীৰ নিশা ৰাজধানীৰ পৰিস্থিতি কেনেকুৱা হ’ব পাৰে তাকে ভাবি এতিয়া মানুহৰ আতংক বাঢ়িছে৷

উল্লেখ্য যে শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে দিল্লীৰ প্ৰদূষণৰ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰে। এই সন্দৰ্ভত এটা গোচৰৰ সময়ত মুখ্য ন্যায়াধীশ সূৰ্য কান্তে ব্যংগ কৰি কয়, “বতৰ উপভোগ কৰি আছে নিশ্চয়?”
প্ৰতি বছৰে দিল্লীৰ প্ৰদূষণৰ ছবিখন শীতৰ আৰম্ভণিৰ পৰাই সলনি হ’বলৈ আৰম্ভ কৰে। দিল্লীয়ে এই প্ৰদূষণৰ বাবে চুবুৰীয়া দুখন ৰাজ্য হাৰিয়ানা আৰু পঞ্জাবত শস্যৰ অৱশিষ্ট জ্বলোৱাৰ বাবে দোষাৰোপ কৰি আহিছে।
যদিও দুয়োখন ৰাজ্যই বাৰে বাৰে দাবী কৰি আহিছে যে দিল্লীৰ প্ৰদূষণত তেওঁলোকৰ হাত নাই। এই সন্দৰ্ভতো কেইবাটাও গোচৰ ৰুজু কৰা হৈছে। শস্যৰ অৱশিষ্ট জ্বলোৱাৰ কথাও প্ৰতি বছৰে ৰাজ্য দুখনক সকীয়াই দিয়া হয়। কিন্তু তাৰ পিছতো ছবিখন সলনি নহ’ল। ফলত শীতকাল আৰম্ভ হোৱাৰ লগে লগে দিল্লী প্ৰদূষণেৰে আৱৰি ধৰিলে।
কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ তথ্য অনুসৰি, শনিবাৰে পুৱা ৰাজধানীৰ সামগ্ৰিক বায়ুৰ গুণাগুণ সূচকাংক ৩৬৬। যিটো ‘অতি বেয়া’ শ্ৰেণীত পৰে। কেৱল সেয়াই নহয়, দিল্লীৰ ২২টা প্ৰদূষণ নিৰীক্ষণ কেন্দ্ৰতে প্ৰদূষণৰ মাত্ৰা অতি বিপজ্জনক মাত্ৰাত উপনীত হৈছে। সেই কেন্দ্ৰসমূহৰ বায়ুৰ গুণাগুণ সূচকাংক (AQI) ৪০০ স্পৰ্শ কৰিছে। কিছুমান ঠাইত পুনৰ ৪০০ অতিক্ৰম কৰিছে। চিপিচিবিৰ তথ্য অনুসৰি, প্ৰদূষণৰ মাত্ৰা নিৰীক্ষণ কৰা ২৯টা কেন্দ্ৰত প্ৰদূষণৰ মাত্ৰা ‘অতি বেয়া’ (একিউআই ৩০০)। আঠটা কেন্দ্ৰত একিউআই ‘বেয়া’ (২০০ৰ ওপৰত)।
কেৱল দিল্লীতে নহয় এনচিআৰতো ভয়ংকৰ প্ৰদূষণৰ ছবি দেখা গৈছে। দিল্লী আৰু এনচিআৰৰ প্ৰদূষণৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়ৰ পঞ্চম শ্ৰেণীলৈকে সপ্তাহত কেইদিনমান অফলাইন আৰু কেইদিনমান অনলাইনত পাঠদান কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।
চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয়তো ‘ৱৰ্ক ফ্ৰম হোম’ৰ কথা বিবেচনা কৰা হৈছে। প্ৰদূষণৰ মাত্ৰাৰ ওপৰত ভিত্তি কৰি GRAP (Graded Response Action Plan) আৰম্ভ কৰা হৈছে। ইতিমধ্যে তৃতীয় পৰ্যায়ৰ GRAP ৰূপায়ণ কৰা হৈছে। যদি বায়ুৰ গুণাগুণ সূচকাংক ৪০০ অতিক্ৰম কৰে, তেন্তে তৃতীয় পৰ্যায়ৰ GRAP জাৰি কৰা হয়। ইয়াৰ চাৰিটা পৰ্যায় আছে।
আইআইটি দিল্লীত ৪৪২, পাঞ্জাবী বাগত ৪৩৩, মুণ্ডকাত ৪২১, ৰোহিণীত ৪১৮, আৰকে পুৰমত ৪১৭, ছোনিয়া বিহাৰত ৪১৪, নাজাফগড়ত ৪১৩, বাৱানা আৰু দ্বাৰকাত ৪১১, নাৰেলাত ৪০৯, আলিপুৰত ৪০২ আৰু পাটপাৰগঞ্জত ৪০৩।
চিপিচিবিৰ ডাটা অনুযায়ী, যদি একিউআই ০-৫০ হয়, তেন্তে ভাল। যদি ৫১-১০০ হয় তেন্তে সন্তোষজনক। যদি ১০১-২০০ হয় তেন্তে মধ্যমীয়া। যদি ২০১-৩০০ হয় তেন্তে বেয়া। যদি ৩০১-৪০০ হয় তেন্তে অতি বেয়া। যদি ৪০১-৫০০ হয় তেন্তে ভয়ানক।












