
কাঁইটীয়া তাঁৰৰ সিপাৰে বাংলাদেশৰ সীমান্ত অঞ্চলত অস্ত্ৰসহ ধৰা পৰে ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ এজন জোৱান (India Banglash relations)। ‘প্ৰথম আলো’ৰ এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে চিলেটৰ গোৱাইংহাট উপজিলাৰ সীমান্তৱৰ্তী অঞ্চলত সীমান্তৰক্ষী বাংলাদেশৰ এটা টহলদাৰী দলে বিএছএফৰ সদস্যজনক আটক কৰে। পিছত সংবাদ সংস্থা পিটিআয়ে বিএছএফৰ এজন বিষয়াৰ উদ্ধৃতি দি কয় যে দুয়োপক্ষৰ মাজত হোৱা বৈঠকৰ অন্তত সন্ধিয়া বাংলাদেশৰ সীমান্তৱৰ্তী অঞ্চলৰ পৰা তেওঁক নিৰাপদে ঘূৰাই অনা হয়।

‘প্ৰথম আলো’ৰ প্ৰতিবেদন অনুসৰি, মঙলবাৰে নিশা প্ৰায় ১২.৩০ বজাত গোৱাইংহাট উপাজিলাৰ বিষ্ণকান্দি অঞ্চলত বিএছএফৰ জোৱানজনক গ্ৰেপ্তাৰ কৰা হয়। অৱশ্যে তেওঁৰ নাম আৰু পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। বিজেবিৰ চিলেট বেটেলিয়ন (৪৮ বিজিবি)ৰ সূত্ৰৰ উদ্ধৃতি দি ‘প্ৰথম আলো’ই বিষ্ণকান্দি অঞ্চলত বিজিবিৰ এটা দলে টহল দি থকা বুলি প্ৰকাশ কৰিছে। সেই সময়ত বাংলাদেশ সীমান্তৰ প্ৰায় ২০০ গজ ভিতৰত আবদ্ধ হৈ আছিল বিএছএফৰ জোৱানজন।
বিজিবিৰ বেটেলিয়নৰ মুৰব্বী লেফটেনেণ্ট কৰ্ণেল নূৰ উদ্দিন আহমেদে ‘প্ৰথম আলো’ক জনোৱা মতে, আটক কৰা বিএছএফৰ জোৱানজনক বিজিবিৰ বিষ্ণকান্দি বিঅ’পি শিবিৰত ৰখা হৈছে। তেওঁৰ আগ্নেয়াস্ত্ৰ জব্দ কৰা হৈছে।












