ASSAM TIMES POST
নিউজ ডেস্ক
মধ্যপ্ৰদেশৰ ৰাজ্যপাল লালজী টেণ্ডনে মুখ্যমন্ত্ৰী কমল নাথক সোমবাৰে আস্থা ভোটৰ সন্মুখীন হ’বলৈ নিৰ্দেশ দিছে৷ বিধানসভাৰ বাজেট অধিবেশনৰ প্ৰথম দিনাই এই আস্থা ভোটৰ মুখামুখি হ’বলৈ কৈছে ৰাজ্যপালে৷ উল্লেখ্য যে জ্যোতিৰাদিত্য সিন্ধিয়াই কংগ্ৰেছ ত্যাগৰ সময়ত ২২ জন বিধায়কক নিজৰ লগত লৈ গৈছিল বুলি বাতৰি ওলাইছিল৷

জ্যোতিৰাদিত্য সিন্ধিয়াই বিজেপিত যোগ দিলে যদিও এই ২২ জন বিধায়কে গেৰুৱা দলত যোগ দিয়া নাই৷ এই প্ৰসংগ বিধায়কসকল কংগ্ৰেছত আছে নে নাই তাকে লৈ আস্থা ভোটৰে প্ৰমাণ দিলে সত্যত পৰিণত হ’ব৷ সেয়ে সংবিধানৰ ১৭৪, ১৭৫ (২) ধাৰা উল্লেখ কৰি মুখ্যমন্ত্ৰীলৈ চিঠি দিছে ৰাজ্যপালে৷ এই চিঠিত নিৰ্দেশ দিছে যে সোমবাৰে দিনৰ ১১ বজাৰ ভিতৰত আস্থা ভোটেৰে সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণ দিব লাগিব৷











