ASSAM TIMES POST
নিউজ ডেস্ক
ৰাজ্যসভাৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত কংগ্ৰেছত জোকাৰণিৰ সৃষ্টি হৈছে গুজৰাটত৷ চাৰিজনকৈ কংগ্ৰেছ বিধায়কে দলত্যাগ কৰাত দেশৰ সবাতোকৈ পুৰণি দলটোত জোকাৰণিৰ সৃষ্টি হৈছে৷ মংগল গাভিট, জে ভি কাকাদিয়া, সোমভাই পেটেল আৰু প্ৰদ্যুমান জাদেজা নামৰ বিধায়ক চাৰিজনে কংগ্ৰেছ দল ত্যাগ কৰিছে৷
উল্লেখ্য যে ১৮২ আসনৰ গুজৰাট বিধানসভাত বিজেপিৰ ১০৩ আৰু কংগ্ৰেছৰ ৭৩ জন বিধায়ক আছে৷ আনহাতে এজন ৰাজ্যসভা প্ৰাৰ্থী জয়ী হ’বলৈ ৩৭ টা ভোটৰ প্ৰয়োজন৷











