ASSAM TIMES POST
নিউজ ডেস্ক
দেশত ক’ৰ’ণা ভাইৰাছত আক্রান্ত হৈ চতুৰ্থজন ব্যক্তিৰ মৃত্যু হৈছে৷। এই লোকজন পঞ্জাবৰ নওয় চহৰৰ হাস্পতালত মৃত্যু হয়৷ প্ৰাপ্ত তথ্য মতে এই ৭২ বছৰীয়া ব্যক্তিজন জার্মানী আৰু ইটালিলৈ গৈছিল।
তেওঁ ১৪ দিন পূৰ্বে দেশলৈ ঘুৰি আহিছিল। ইয়াৰ পাছতে লোকজন ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা নিশ্চিত হয়৷ এই লোকজন চিকিৎসাধীন অৱস্থাত চিকিৎসালয়তে মৃত্যু হয়। এই লোকজনৰ মৃত্যুৰ পাছত সম্পূৰ্ণ সতর্কতা জাৰি হৈছে পঞ্জাবত। উল্লেখ্য যে মৃত লোকজন জলন্ধৰৰ বড়া পিণ্ড গাঁৱৰ বাসিন্দা।
লোকজনৰ মৃত্যুৰ পাছতে গাঁওখনৰ ২০ কিলোমিটাৰ ব্যাসার্ধৰ এলাকা সম্পূৰ্ণভাৱে ছিল কৰি দিয়া হৈছে। লগতে গৃহবন্দী হৈ থাকিবলৈ কোৱা হৈছে গাঁওবাসীক। ইপিনে, এই লোকজনৰ চিকিৎসাৰ দায়িত্বত যিগৰাকী চিকিৎসক আছিল, তেওঁক কোৱাৰিণ্টিনলৈ পঠিওৱা হৈছে।
ইয়াৰ উপৰি শুকুৰবাৰৰ পৰা পঞ্জাৱত বন্ধ কৰি দিয়া হৈছে গণ পৰিবহণ। শুকুৰবাৰৰ মাজ নিশাৰ পৰাই ৰাস্তাত বাছ, অট’সহ সকলো যাত্রীবাহী পৰিবহণ নিষিদ্ধ হৈছে সমগ্ৰ ৰাজ্যখনতেই।











