ASSAM TIMES POST
নিউজ ডেস্ক
দেশত ক’ৰ’ণা ভাইৰাছে প্ৰতিদিনেই আতংকৰ সৃষ্টি কৰিছে৷ ক’ৰ’ণা ভাইৰাছৰ বাবেই অহা সপ্তাহত অযোধ্যাত হ’ব লগা ৰামনৱমীৰ উৎসৱ বাতিল কৰা হৈছে৷ এই কথা প্ৰকাশ কৰিছে ৰাম কোট পৰিক্ৰমা নামৰ এই উৎসৱৰ অন্যতম আয়োজক মোহন্ত ৰাজকুমাৰ দাসে৷
তেওঁ জনোৱা মতে প্ৰতিবছৰে ৰাম কোট পৰিক্ৰমাৰ আয়োজন কৰা হয়৷ এইবাৰ অহা ২৪ মাৰ্চত আয়োজন কৰাৰ কথা আছিল৷ তদুপলক্ষে অযোধ্যাত নানান ধৰ্মীয় অনুষ্ঠান আয়োজন কৰাৰ ব্যৱস্থা কৰা হৈছিল৷ কিন্তু ক’ৰ’ণা ভাইৰাছ সংক্ৰমণ হোৱাৰ আশংকা কৰি এইবাৰ এই উৎসৱ বন্ধ কৰা হয়৷











