ASSAM TIMES POST
নিউজ ডেক্স
নোভেল ক’ৰোনাৰ প্রকোপত বিশ্ব জুৰি মৃত্যু সংখ্যা বাঢ়িবলৈ ধৰিছে। মঙলবাৰ পর্যন্ত বিশ্বৰ বিভিন্ন প্রান্তত ৩৮ হাজাৰ ৭৪৩ জন ক’ৰোনাত আক্রান্ত হৈ মৃত্যু হৈছে৷ আক্রান্তৰ সংখ্যা বাঢ়ি ৭ লাখ ৮৬ হাজাৰ ২২৮ জন হৈছেগৈ৷ ইয়াৰ মাজত বহু লোক সুস্থ হৈ উঠিছে৷
বৰ্তমানে ১৯৫খন দেশত ক’ভিড-১৯ ভাইৰাছৰ বিৰুদ্ধে যুঁজ চলিছে। মার্কিন যুক্তৰাষ্ট্ৰ, ইটালী, স্পেইন, ইৰানৰ দৰে দেশবোৰত ক’ৰোনাৰ প্রকোপ ভয়ংকৰ হৈ পৰিছে। মৃতকৰ সংখ্যাৰ দিশত এই মুহূর্তত ইটালীৰ অৱস্থা ভয়াৱহ হৈ আছে৷ দেশখনত এই পর্যন্ত ১১ হাজাৰ ৫৯১ জন লোকে প্রাণ হেৰুৱাইছে। এই ভাইৰাছত আক্রান্ত হৈ সুস্থ হৈছে এই পৰ্যন্ত ১ লাখ ১ হাজাৰ ৭৩৯ জন লোক৷
মার্কিন যুক্তৰাষ্ট্ৰত এই পর্যন্ত ১ লাখ ৬৪ হাজাৰ ৬২০ লোক নোভেল ক’ৰোনাত আক্রান্ত হৈছে৷ প্রাণ হেৰুৱাইছে ৩ হাজাৰ ১৭০ জনে। সুস্থ হৈ উঠিছে ৫ হাজাৰ ৯৪৩ জন লোক। পৰিস্থিতি বিবেচনা কৰিলে তাত প্রতি চাৰিজনৰ ভিতৰত তিনিজনকে ঘৰত থাকিবলৈ নিৰ্দেশ দিছে৷ মেৰিলেণ্ড, ভার্জিনিয়া আৰু এৰিজোনাইত মানুহক সোমবাৰৰ পৰা ঘৰত থাকিবলৈ নির্দেশ জাৰি কৰিছে৷ । জনসমাগম ৰোধ কৰিবলৈ ফ্লোৰিডা প্রশাসনে একাধিক ব্যৱস্থা গ্ৰহণ কৰিছে৷











