ASSAM TIMES POST
নিউজ ডেস্ক
মাৰাত্মক ক’ৰনা ভাইৰাছ সংক্ৰমন প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰ তথা ৰাজ্য স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে ব্যাপক তৎপৰতা।ৰাজ্য পাঁচটা পৰীক্ষাগাৰত বৰ্তমান সময়লৈকে ১৫২৯টা চেম্পুল(নমুনা) পৰীক্ষা কৰা হৈছে।
এই কথা প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।লগতে তেওঁ প্ৰকাশ কৰা অনুসৰি পৰীক্ষা কৰা মুঠ চেম্পুলৰ ১৩০৮টা নেগেটিভ, ২৫টা পজিটিভ আৰু ১৯৬টা ৰিজাল্ট ওলাবলৈ বাকী আছে।মন্ত্ৰী শৰ্মাই প্ৰকাশ কৰা অনুসৰি পৰীক্ষা কৰা ৮১২টা নিজামুদ্দিন সৈতে জড়িত ব্যক্তি। গুৰুত্বপূৰ্ণ কথা এই যে মন্ত্ৰী শৰ্মাই দুখ প্ৰকাশ কৰি কয় নিজামুদ্দিনৰ ঘটনাৰে জড়িত ব্যক্তি সকলে আমাৰ লগত সহযোগিতা কৰা নাই।
ফলত তালিকা খন দীঘলীয়া হৈ গৈ আছে। নিজামুদ্দিনৰ ঘটনাৰ সন্দৰ্ভত আমী সকলক শেষবাৰৰ বাবে বিনম্ৰতাৰে অনুৰোধ জনাই মন্ত্ৰী শৰ্মাই কয় “তবলিগ জামাতত উপস্থিত থকা সম্পূৰ্ন তালিকা খন দিয়ক”।ইফালে এই সন্দৰ্ভত উপায়ুক্ত আৰু এছপি সকলক নির্দেশ দিয়া বুলি মন্ত্ৰী শৰ্মাই কয়।











