ASSAM TIMES POST
নিউজ ডেস্ক
ছুপাৰ মুনৰ কথা সকলোৱে শুনিছে৷ কিন্তু দেখিছেনে? এইবাৰ সেই অভাৱ পুৰণ হোৱাৰ সম্ভাৱনা আহি পৰিছে৷ অহা ৮ এপ্ৰিলত দেখিবলৈ পোৱা যাব ছুপাৰ পিংক মুন বা বৃহত্তৰ গোলাপী চন্দ্ৰ৷ ইয়াকে লৈ একাংশই কৈছে ইয়াৰ দ্বাৰা ক’ৰ’ণা ভাইৰাছ নিধন ঘটাব৷
জ্যোৰ্তিবিজ্ঞানীসকলৰ মতে পৃথিৱী আৰু চন্দ্ৰৰ মাজত মধ্যৱৰ্ত্তী গড় দূৰত্ব ৩ লাখ ৮৪ হাজাৰ ৪০০ কিলোমিটাৰ৷ কিন্তু গোলাপী চন্দ্ৰৰ আভা দেখা যাব পৃথিৱীৰ পৰা ৩ লাখ ৫৬ হাজাৰ ৯০২ কিলোমিটাৰ দূৰত্বত৷ অৰ্থাৎ এই দিনা পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব ২৭ হাজাৰ ৪৯৩ কিলোমিটাৰ কমি যাব৷ তাৰ লগতে দেখা যাব নান্দনিক দৃশ্য৷
উল্লেখ্য যে সেই দিনা চন্দ্ৰৰ আকাৰ ৩০ শতাংশ বাঢ়ি যাব৷ মন কৰিব লগা যে ছুপাৰ মুনৰ কক্ষপথ পৃথিৱীৰ নিকটৱৰ্তী হয়৷ এই নিকটৱৰ্তী দূৰত্বৰ বাবেই চন্দ্ৰটো বহু ডাঙৰ আৰু উজ্জ্বল দেখা যায়৷ পূৰ্ণিমা হ’লে চন্দ্ৰটো ডাঙৰ দেখা যায়৷
কিন্তু সেইদিনা সেয়া নহয়৷ কাৰণ চন্দ্ৰ পৃথিৱীৰ চাৰিওফালে এটা উপবৃত্তাকাৰ কক্ষপথত ঘূৰে৷ গোলাপী ফুলৰ ওপৰত ভিত্তি কৰি এই নাম দিয়া হৈছে৷ এই ফুল উত্তৰ আমেৰিকাৰত বসন্ত কালত ফুলে৷











