ASSAM TIMES POST
নিউজ ডেস্ক
কেৱল ট্ৰামপেই নহয়, ক’ৰ’ণা ভাইৰাচৰ এই মিৰাকল ঔষধৰ ৰপ্তানিৰ ওপৰত নিষেধাজ্ঞা উঠাই লবলৈ কেন্দ্ৰক অনুৰোধ জনাইছে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিয়েও।বিগত ২৪ ঘণ্টাত মেলেৰিয়াৰ ঔষধ hydroxy chliroquine বাতৰিৰ শিৰোনামাত।

ভাৰতৰ পৰা এই ঔষধবিধ ইতিমধ্যে বিচাৰিছে মার্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰামপে। লগে লগে এই ঔষধৰ জৰিয়তে ক’ৰ’ণাৰ পৰা পৰিত্ৰাণ পোৱাৰ জল্পনা-কল্পনা চলিছে সমগ্ৰ বিশ্বতে। উল্লেখযোগ্য যে hydroxy chloroquine ৰ ৰপ্তানি বন্ধ কৰি দিছে ভাৰতে। তেনে ক্ষেত্ৰত মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰামপে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুৰোধ কৰিছে, ভাৰতে যাতে hydroxy chloroquine ৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লয়।
কেৱল ট্ৰামপেই নহয়, এইবাৰ এই অনুৰোধ কৰিছে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি বলচনাৰোৱেও। উল্লেখযোগ্য যে কেন্দ্ৰই ইতিমধ্যেই hydroxy chliroquine ৰ ১০ কোটি টেবলেট Ipca লবোৰেটিৰিজ আৰু Zydus Cadila ক প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিছে।











