ASSAM TIMES POST
নিউজ ডেস্ক
দিল্লীৰ নিজামুদ্দিনৰ তবলিঘি জামাতৰ পৰা দেশৰ বিভিন্ন ঠাইলৈ ক’ৰ’ণা ভাইৰাছৰ সংক্ৰমণ হৈছে৷ এই কথাৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ অধিকাংশ ৰাজ্যই তবলিঘি জামাতলৈ যোৱা আৰু সেই লোকসকলৰ সংস্পৰ্শলৈ অহা লোকক কুয়াৰেণ্টাইনত ৰখা হৈছে৷
সোমবাৰে সংবাদ মেলত এই কথা প্ৰকাশ কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব পি এছ শ্ৰীবাস্তৱে কয়, দেশত মুঠ ২৫,৫০০ তবলিঘি কৰ্মী আৰু তেওঁলোকৰ সংস্পৰ্শলৈ অহা লোকক কুয়াৰেণ্টাইনত ৰখা হৈছে৷ আনহাতে হাৰিয়ানাৰ পাঁচখন গাঁও চীল কৰি দিয়া হৈছে৷
এই গাঁৱলৈ তবলিঘিৰ বিদেশী প্ৰতিনিধি গৈছিল৷ এই পৰ্যন্ত ২০৮৩ বিদেশী তবলিঘি জামাত কৰ্মীক চিনাক্ত কৰা হৈছে৷ ইয়াৰ মাজত ১৭৫০ জনক তালিকাভুক্ত কৰা হৈছে৷











