ASSAM TIMES POST
নিউজ ডেস্ক
যোবা ২৪ ঘণ্টাত ক’ৰ’ণা ভাইৰাছত ৬৯৩ জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷ ইয়াকে লৈ ভাৰতবৰ্ষত মুঠ আক্ৰান্ত হোৱা লোকৰ সংখ্যা হ’ল ৪০৬৭ জন৷ এই কথা স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া সচিব লাভ আগৰৱালাই কয়৷ যুটীয়া সচিবগৰাকীয়ে লগতে কয় যে তবলিঘি জামাতাৰ লগত জড়িত থকা ১৪৪৫জন লোক ইয়াত অন্তৰ্ভুক্ত৷
সোমবাৰে এক সংবাদ মেলত যুটীয়া সচিবগৰাকীয়ে কয়, ক’ৰ’ণা ভাইৰাছত আক্ৰান্তসকলৰ ভিতৰত ৭৬ শতাংশ পুৰুষ আৰু ২৪ শতাংশ মহিলা৷











