ASSAM TIMES POST
নিউজ ডেস্ক
যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ৰ’ণাত আক্রান্ত হৈছে ৫০৮ জন। সকলো মিলি দেশত আক্রান্তৰ সংখ্যা হ’লগৈ ৪ হাজাৰ ৭৮৯। আক্রান্তৰ দিশত এই পর্যন্ত দেশৰ ভিতৰত সৰ্বাধিক মহাৰাষ্ট্রত৷ মঙলবাৰৰ সন্ধ্যা ৬ বজা পর্যন্ত মহাৰাষ্ট্ৰত আক্রান্তৰ সংখ্যা হয়গৈ ৮৬৮। যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত ১২০ জন লোক ক’ভিড-১৯ ভাইৰাছত আক্রান্ত হয়। আনহাতে আজি ক’ভিড-১৯ ত আক্রান্ত হৈ ১৩ জন লোকৰ মৃত্যু হয়৷
উল্লেখ্য যে সোমবাৰে মৃত্যুৰ সংখ্যা এশৰো অধিক আছিল। সেই দিনটোত মৃত্যুৰ সংখ্যা আছিল ১০৯। যোৱা ২৪ ঘণ্টাত নতুনকৈ আন ৫ জনৰ মৃত্যু হয়। ফলত এই মুহূর্তত দেশত মুঠ মৃতৰ সংখ্যা বৃদ্ধি হৈ ১২৪ হয়গৈ৷ আনহাতে সুস্থ হৈছে ৩৫৩ জন।










