ASSAM TIMES POST
নিউজ ডেস্ক
কলকাতা মহানগৰীৰ পশ্চিম দিশত এজন গাড়ী চালকে নিজৰ চাৰিখন গাড়ী আৰু পত্নীৰ অলংকাৰ বিক্ৰী কৰি ভগ্নীৰ সোঁৱৰণত এখন চিকিৎসালয় নিৰ্মাণ কৰিছে৷
ছাইদুল লস্কৰ নামৰ কেব চালকজনে নিৰ্মাণ কৰা এই চিকিৎসালয় পশ্চিম বংগ চৰকাৰক ক’ভিড-১৯ৰ কুৱাৰেণ্টাইন কেন্দ্ৰ হিচাপে স্থাপন কৰিবলৈ দান কৰিছে৷ প্ৰাপ্ত সংবাদ মতে চিকিৎসালয়খন ৫০খন বিচনা যুক্ত৷ কলকাতাৰ বাৰউইপুৰৰ পুনৰি গাঁৱত কিছু বছৰৰ আগতে এই চিকিৎসালয়খন মৃত ভনীয়েকৰ সোঁৱৰণত নিৰ্মাণ কৰিছিল৷
বৰ্তমানে ক’ভিড-১৯ৰ বাবে চিকিৎসালয়ৰ অভাৱৰ সময়তে ছাইদুল লস্কৰে এই চিকিৎসালয়খন ৰাজ্য চৰকাৰক অৰ্পণ কৰে৷










