ASSAM TIMES POST
নিউজ ডেস্ক
ক’ভিড-১৯ ৰ ফলত চীন বর্তমান শ’লঠেকত পৰিবলগা হৈছে। সকলো জানিও সমগ্ৰ বিশ্বক ক’ৰ’ণা ভাইৰাছৰ বিষয়ে আঁৰত ৰখাৰ বাবে চীনৰ বিৰুদ্ধে সৰৱ হৈছে সমগ্ৰ বিশ্ব। এই পৰিস্থিতিত কিছু দেশে ভাৰতৰ ওপৰত নিৰ্ভৰ কৰিব আৰম্ভ কৰি দিছে। ব্ৰিটেইনে তেওঁলোকৰ দেশৰ 5g technologyৰ বাবে হুৱাইক সন্মতি দিছিল।
কিন্তু ক’ৰ’ণা ভাইৰাছ ৰ কাৰণে ব্ৰিটিছ প্রধান মন্ত্ৰী বৰিছ জনছন অসুস্থ হোৱাৰ পূৰ্বেই এই 5g technology বাতিল কৰাৰ কথা জনাইছিল।বৰিছ জনছনৰ অসুস্থতাৰ কাৰণে ব্ৰিটেইনৰ বিদেশ মন্ত্ৰীয়ে এতিয়া দেশখনৰ দায়িত্বভাৰ চম্ভালিছে। তেওঁও জনাইছে যে এই 5g technology আমি বাতিল কৰাৰ সিদ্ধান্ত লৈছো।
ইয়াৰ পৰা এইটো স্পষ্ট যে এই সংকটৰ পৰিস্থিতিত চীনৰ সৈতে কোনো ধৰণৰ বাণিজ্য কৰিব নিবিচাৰে।আনহাতে, ফ্ৰান্সও এটা ডাঙৰ সিদ্ধান্ত লৈছে।ফ্ৰান্স চৰকাৰে জনোৱা মতে, এতিয়াৰ পৰা বৈদেশিক বাণিজ্যৰ ক্ষেত্ৰত তেওঁলোকে চিনতকৈ ভাৰতক বেছি প্ৰাধান্য দিব। ইউৰোপীয়ান ইউনিয়নত এতিয়া আৰু একতা নাই। ভাৰত ব্যৱসায়ৰ দিশৰ পৰা বৰ্তমান অতি বৃহৎ এখন বজাৰ।
সেয়ে আমি এতিয়া ব্যৱসায়ৰ দিশত ভাৰতৰ সৈতে বেছি বুজাবুজি কৰিম। সুৰক্ষাৰ দিশতো ভাৰতৰ ওপৰত নিৰ্ভৰ কৰিম। ইয়াৰ পৰা বুজা যায় ভাৰত আৰু ফ্ৰান্সৰ সম্পৰ্ক অধিক মজবুত হ’ব। বিশ্বৰ অন্যান্য দেশবোৰেও এতিয়া চীনৰ বিকল্প হিচাপে ভাৰতৰ কথা ভাবিছে।
কাৰণ এতিয়া বিশ্বই আৰু চীনক বিচৰা নাই। ক’ৰ’ণা ভাইৰাছ ৰ সংক্ৰমণৰ ফলত বিশ্বই এতিয়া চীনৰ সৈতে আৰু kono ব্যৱসায়িক সম্পর্ক ৰাখিব বিচৰা নাই। চীনৰ স্থানত স্থান দিব বিচাৰিছে ভাৰতক।










