ASSAM TIMES POST
নিউজ ডেস্ক
আমেৰিকাত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে সেই দেশখনত বসবাস কৰা ভাৰতীয়ও৷ শেহতীয়া তথ্য মতে ভাৰতীয় বংশোদ্ভৱ আৰু ভাৰতীয় নাগৰিকসহ মুঠতে ৪০ জন লোক ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে৷
আনহাতে এই ভাইৰাছ সংক্ৰমিত হৈছে আমেৰিকাত থকা ১৫০০ ৰো অধিৰ ভাৰতীয়ৰ দেহালৈ৷ এই মৃত লোকসকলৰ মাজত আছে ১৭জন কেৰালাৰ বাসিন্দা৷ আনহাতে গুজৰাটৰ ১০জন, পঞ্জাৱৰ ৪ জন, অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশ্যাৰ এজনকৈ বাসিন্দা আছে৷
মৃতসকলৰ মাজত এজন ২১ বছৰীয়া যুৱক আছে৷ এই যুৱকজন মূলতঃ নিউয়ৰ্ক আৰু নিউ জাৰ্ছীত থাকে৷










