ASSAM TIMES POST
নিউজ ডেস্ক
৩০ এপ্ৰিললৈ লকডাউন বৃদ্ধি পাবনেকি? হয়, এতিয়া সৰ্বত্ৰ এয়াই জল্পনা-কল্পনা। আজি এই বিষয়ত আলোচনা তথা পৰামৰ্শ গ্ৰহণৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্রধান মন্ত্ৰীৰ ভিডিও কণফাৰেঞ্চযোগে আলোচনা আছিল। ১৪খন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অংশগ্ৰহণ কৰা এই আলোচনাত সকলোৱে লকডাউন বঢ়োৱাৰ সপক্ষে মতামত আগবঢ়োৱা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে ইতিমধ্যে উৰিষ্যা, পঞ্জাৱ, পশ্চিমবংগ আৰু শেহতীয়াকৈ মহাৰাষ্ট্ৰই ৩০ এপ্ৰিললৈকে লকডাউন বঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। তেনেক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰেও লকডাউন বঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিব বুলি একপ্ৰকাৰ নিশ্চিত হৈছে। উল্লেখযোগ্য যে বিশ্ব স্বাস্থ্য সংস্থাইও ক’ৰ’ণাপ্ৰতিৰোধৰ উত্তম উপায় লকডাউন বুলি উল্লেখ কৰিছে।
অৱশ্যে আজিৰ বৈঠকৰ পিছত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিশা দেশবাসীক সম্বোধন কৰি এই বিষয়ে ঘোষণা কৰিব বুলি আশা কৰা হৈছিল যদিও আজি প্রধান মন্ত্ৰীয়ে দেশবাসীক সম্বোধন নকৰে।
লকডাউনৰ সময়ছোৱাত ৰাজ্যসমূহে সন্মুখীন হোৱা বিত্তীয় ঘাটি আৰু এই বিষয়ত কেন্দ্ৰীয় চৰকাৰৰ সাহায্য সন্দৰ্ভতো বিভিন্ন ৰাজ্যই মোডীক প্রশ্ন কৰে। সেয়েহে এই বিষয়ে বিচাৰ-বিবেচনা তথা আগন্তুক সময়ছোৱাৰ বাবে পৰিকল্পনা যুগুত কৰিহে কেন্দ্ৰই সিদ্ধান্তৰ কথা সদৰী কৰিব বুলি বিশ্লেষকসকলে মত পোষণ কৰিছে।











